পুনৰ এক বৰভূঁইকঁপে জোকাৰি গ’ল তুৰস্ক…

পুনৰ এক ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক।

ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৬.৪।

খবৰ অনুসৰি, তুৰস্কৰ স্থানীয় সময় মতে, নিশা ৮:০৪ বজাত অৰ্থাৎ ভাৰতীয় সময় অনুসৰি বিয়লি ৫:০৪ বজাত ডেফনে চহৰত হোৱা এই ভূমিকম্পটো উত্তৰ দিশৰ ২০০ কিলোমিটাৰ (৩০০ মাইল) দূৰৈৰ আন্টাকিয়া আৰু আদানাত এ এফ পিৰ দলে তীব্ৰভাৱে অনুভৱ কৰে।

ভূমিকম্পৰ ফলত এইপৰ্যন্ত প্ৰাণ গৈছে ৩জনৰ। ঘটনাত ২০০ৰো অধিক লোক আহত। বৃদ্ধি পাব পাৰে নিহতৰ সংখ্যা। চলি আছে উদ্ধাৰ অভিযান

উল্লেখ্য যে যোৱা ৬ ফেব্ৰুৱাৰীত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰিছিল তুৰস্কক।

ইয়াৰ পৰৱৰ্তী সময়তো ধাৰাবাহিক ভাৱে অহা কেইবাটাও ভূমিকম্পৰ ফলত তুস্কৰত ৪১ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।