পুনৰ উৎকােচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ বিষয়া, এইবাৰ স্থান…

নিউজ ডেস্ক। পুনৰ উৎকােচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল শিক্ষা বিভাগৰ এগৰাকী বিষয়া।

এইবাৰ ভিজিলেঞ্চৰ অভিযান চলিল ধুবুৰীত।

ঘােচ লৈ থাকােতে ভিজিলেঞ্চৰ অভিযান গ্ৰেপ্তাৰ হ’ল জিলা সৰ্বশিক্ষা অভিযান মিছনৰ ধুবুৰী জিলাৰ সমন্বয়ক আজহাৰুল ইছলাম।

image 188
পুনৰ উৎকােচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ বিষয়া, এইবাৰ স্থান... 3

জানিব পৰা মতে, এগৰাকী কৰ্মচাৰীৰ প্ৰাপ্য দৰমহা মুকলি কৰাৰ বাবে উৎকােচ দাবী কৰিছিল আজহাৰুল ইছলাম নামৰ সৰ্বশিক্ষা মিছনৰ ধুবুৰী জিলাৰ সমন্বয়কগৰাকীয়ে।

image 189
পুনৰ উৎকােচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ বিষয়া, এইবাৰ স্থান... 4

এই সন্দৰ্ভত ভুক্তভােগী কৰ্মচাৰীজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযােগ দাখিল কৰাৰ পিছতে শুকুৰবাৰে অভিযানকাৰী দলে ঘােচ লৈ থাকােতে জিলা সমন্বয়ক আজহাৰুল ইছলামক হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি কাৰ্যালয় চৌহদতে এই ঘােচখােৰ চৰকাৰী কৰ্মচাৰীজনক জেৰা চলাইছে ভিজিলেঞ্চৰ দলে।