পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্রাই, লুছানত অনুষ্ঠিত ডায়মণ্ড লীগ মীটৰ খিতাপ অৰ্জন…

পুনৰ ইতিহাস ৰচিলে জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই।

লুছানত অনুষ্ঠিত ডায়মণ্ড লীগ মীটৰ খিতাপ অৰ্জন নীৰজৰ।

প্ৰথম ভাৰতীয় হিচাপে লাউচেন ডায়মণ্ড লীগত প্ৰথম স্থান লাভ কৰি পুনৰ উজলি উঠিল নীৰজ চোপ্ৰা।

৮৯.০৮ মিটাৰ জেভলিন দলিয়াই আন এক ৰেকৰ্ড গঢ়ে খেলুৱৈগৰাকীয়ে। যিটো তেওঁৰ কেৰিয়াৰৰ তৃতীয় শ্ৰেষ্ঠ থ্ৰো।

নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ আন দুটা শ্ৰেষ্ঠ থ্ৰো হৈছে- ৮৯.৩০ মিটাৰ আৰু ৮৯.৯৪ মিটাৰ।

উল্লেখ্য যে, এই বছৰৰ আৰম্ভণিতে ষ্টকহম ডায়মণ্ড লীগত চোপ্ৰাই ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰ দলিয়াই দ্বিতীয় স্থান লাভ কৰিছিল। কিন্তু সেই খেলতেই আঘাটো পাইছিল নীৰজে।

যি আঘাটৰ বাবেই নিজৰ নাম কৰ্তন কৰিবলৈ বাধ্য হৈছিল কমনৱেল্থ গেমছৰ পৰা।