অসম

পুনৰ আৰক্ষীৰ জালত মুন্নাভাই MBBS, ভুৱা চিকিৎসক দেৱাশিস দত্তক গ্ৰেপ্তাৰ….

পুনৰ আৰক্ষীৰ জালত মুন্নাভাইৰূপী ভুৱা চিকিৎসক।

শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী আৰক্ষীৰ জালত এইবাৰ মুন্নাভাইৰূপী ভুৱা চিকিৎসক।

জানিব পৰা মতে, দেৱাশিস দত্ত নামৰ এজন ভুৱা চিকিত্‍‍সকে নাজিৰাৰ গেলেকীত অৱস্থিত আৰোগ্যম মেডিকেলত চিকিৎসা সেৱা আগবঢ়াই আহিছিল।

অভিযোগ অনুসৰি, বেলেগৰ নামত পঞ্জীকৃত পঞ্জীয়ন নং দেৱাশিস দত্তই ব্যৱহাৰ কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছিল।

দেৱাশিস দত্তই ব্যৱহাৰ কৰি থকা প্ৰেছক্ৰিপচনত উল্লেখিত ASSAM COUNCIL OF MEDICALৰ পঞ্জীয়ন নং:২৬৬১৯ আচলতে ডাঃ জেচী শ্বেতা মুকেশৰ নামতহে পঞ্জীকৃত হৈ আছে।

গুৱাহাটীৰ লাচিত নগৰ নিৱাসী তথা গুৱাহাটীৰ ‘ARYA HOSPITAL’ত কৰ্মৰত এগৰাকী চিকিৎসকৰ  অভিযোগৰ ভিত্তিত  দেৱাশিস দত্ত নামৰ ভুৱা চিকিৎসকজনক আটক কৰে আৰক্ষীয়ে।

অভিযোগৰ ভিত্তিত দেৱাশিস দত্তক নাজিৰাৰ গেলেকী আৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি গেলেকী আৰক্ষীয়ে প্ৰেৰণ কৰিছে জে’ল হাজোতলৈ। 

গেলেকী আৰক্ষী থানাত 52/22নম্বৰত আৰুIPC  US336 419 468 471নম্বৰত ৰুজু হৈছিল গোচৰ।

Related Articles

Back to top button