পুনৰ আৰক্ষীৰ জালত প্ৰৱঞ্চক।
এইবাৰ প্ৰৱঞ্চনা কৰি ৰহা আৰক্ষীৰ জালত পৰিছে এগৰাকী যুৱক।
আটকাধীন যুৱকজনৰ নাম হেদায়ততুল্লা।
প্ৰৱঞ্চনাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে কামপুৰ ৰমণীপথাৰৰ যুৱকজনক।
জানিব পৰা মতে, মেঘালয়ৰ নবেন্দৰ নামৰ এজন ব্যৱসায়ীৰ পৰা ৮ লাখ টকাৰ আদা কিনিছিল হেদায়তে।
আদাৰ বিনিময়ত ব্যৱসায়ীজনক হেদায়তে দিছিল নকল টকাৰ বাণ্ডিল।
অতি কৌশলেৰে ব্যৱসায়ীজনক প্ৰদান কৰিছিল টকা।
অৱশেষত ব্যৱসায়ীজনৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে যুৱকজনক।