অসম
পুনৰ আলফা(স্বাঃ)লৈ অসমীয়া যুৱক, বক্সাৰ উদ্ধৱ দাসৰ ঘৰত হাহাকাৰ…

ৰাজ্যত সক্ৰিয় হৈ পৰিছে নেকি আলফা স্বাধীন!
প্ৰতিদিনে আলফালৈ গৈছে অসমীয়া যুৱক-যুৱতীৰ৷
বুধবাৰে নতুনকৈ পাঁচগৰাকী যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ খবৰ লাভৰ পাছতেই জোকাৰণিৰ সৃষ্টি হৈছিল ৰাজ্যৰ গৃহ বিভাগত৷
সেই পাঁচগৰাকী যুৱকৰ ভিতৰত এগৰাকী হ’ল বাক্সা জিলাৰ শালবাৰীৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত নিজডকুৱা গাঁৱৰ প্ৰয়াত জন্মেজয় দাসৰ কনিষ্ঠ পুত্ৰ উদ্ধৱ দাস ৷
যোৱা দেওবাৰে গুৱাহাটীলৈ যাম বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰ পৰাই সন্ধান নাছিল ২৯ বৰ্ষীয় উদ্ধৱ দাসৰ৷
তাৰ পাছতেই বুধবাৰে প্ৰশাসনৰ লোকে যুৱকগৰাকীৰ বাসগৃহত এই সংক্ৰান্তত তদন্তৰ বাবে উপস্থিত হয়৷
তাৰ পাছতেই হুৱাদুৱা লাগে দৰিদ্ৰ পৰিয়ালটোৰ মাজত৷
আলফা স্বাধীনত যোগদান কৰা উদ্ধৱ দাসক শীঘ্ৰে ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে মাতৃ, ভাতৃৰ লগতে পৰিয়ালৰ সদস্যসকলে৷