পুনৰ অসম সন্তানৰ কৃতিত্বঃ ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত অলকেশ কলিতা…

ৰাজ্যৰ আন এগৰাকী মেধাৱী ছাত্ৰই পুনৰ অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ।

ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত হ’ল অসম সন্তান অলকেশ কলিতা।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমূকৈ ‘ইছৰো’ত বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰিছে তিতাবৰৰ এই মেধাৱী ছাত্ৰ অলকেশে।

অলকেশে ইছৰোত বিজ্ঞানী ৰূপে নিযুক্তি লাভ কৰাত এতিয়া সমগ্ৰ তিতাবৰতে বৈছে আনন্দৰ লহৰ।

তিতাবৰ তিনিআলিৰ মাজগাঁৱৰ মণিকাঞ্চন পথৰ নিবাসী তথা মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পৰাগ কলিতা আৰু তিতাবৰ ঢলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বৰ্ণালী কলিতাৰ জ্যেষ্ঠ পুত্ৰ অলকেশ কলিতা।

অলকেশে অহা ১৫ জানুৱাৰীৰ ভিতৰত ইছৰোত বিজ্ঞানী ৰূপে যোগদান কৰিব।

Image

মেধাৱী ছাত্র অলকেশে তিতাবৰৰ প্ৰাগজ্যোতিকা শিক্ষানুষ্ঠানত অধ্যয়ন কৰি ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰাৰ লগতে সেইখন শিক্ষানুষ্ঠানত বিজ্ঞান শাখাত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল।

ইয়াৰ পাছত আই আই টি জে ই ই পৰীক্ষাত চাৰিহেজাৰ ৰেংকত উত্তীৰ্ণ হৈ আই আই টি অধ্যয়ন নকৰি কেৰলাৰ ইছৰো মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল।

ইছৰো মহাবিদ্যালয়খনত পদাৰ্থ বিজ্ঞানত সুৰ্দীঘ ৫ বছৰ অধ্যয়ন কৰি তৃতীয় ৰেংকত উত্তীৰ্ণ হোৱাত মহাবিদ্যালয়খনে পোনপটীয়াকৈ ইছৰোত অলকেশক বিজ্ঞানী ৰূপে নিযুক্তি দিয়ে।

লগতে চাওকঃ

পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে চাৰিচকীয়া বাহন, বিনিময়ত বলেৰ’ বাহন আগবঢ়ালে আনন্দ মহিন্দ্ৰাৰ

Leave a Comment