fbpx
অসম

পিষ্টল সহ আৰক্ষীৰ জালত অত্মসমৰ্পনকাৰী আলফা সদস্য…

আৰক্ষীৰ অভিযানত পিষ্টলসহ আটক এজন লোক।

টীয়কৰ ভগামুখত টীয়ক আৰক্ষী থানা আৰু ভগামুখ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে লোকজনক।

ধৃত লোকজন ভগামুখ লাহোৱাল গাঁওৰ নৱজ্যোতি বৰকটকী (৫৩ বছৰ)।

আৰক্ষীয়ে ব্যক্তি গৰাকীৰ ঘৰৰ পৰা জব্দ কৰে ৭.৬২ পিষ্টল এটা।

টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত টেৰাং আৰু ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান।

সম্প্ৰতি ব্যক্তি গৰাকীক সোধ পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে নৱজ্যোতি বৰকটকী আত্মসমৰ্পনকাৰী আলফা সদস্য।

বিগত দিনবোৰত তেওঁৰ বিৰুদ্ধে বহুতো আপত্তিজনক গোচৰ থকাৰ হেতুকে বহুদিনৰ পৰা তেওঁৰ কাম কাজৰ গতিবিধি আৰক্ষীয়ে নিৰীক্ষণ কৰি আহিছিল।

শেহতীয়াকৈ বুধবাৰে নিশা ঘৰৰ পৰা ব্যক্তিজনক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!