পিষ্টল বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল নাগালেণ্ডৰ যুৱক…

পিষ্টল বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল নাগালেণ্ডৰ যুৱক।

নাগালেণ্ডৰ এজন অস্ত্ৰ ব্যৱসায়ীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

গ্ৰেপ্তাৰ হোৱা অস্ত্ৰ ব্যৱসায়ী জনৰ নাম হৈছে চংগোৱাংছোং নাগাহিতে (৩৫)৷

ব্যৱসায়ীজনৰ হাতৰ পৰা এটা মেচিন মেড পইণ্ট ৩২ পিষ্টলৰ লগতে এটা মেগজিন জব্দ কৰিছে৷

লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন স্কুটিও।

নাগালেণ্ডৰ চুপাৰ মাৰ্কেটৰ পৰা এন এল ০৭ ই বি ১৪৭১ নম্বৰৰ স্কুটিখন লৈ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ নগাঁৱলৈ আহিছিল৷

আৰক্ষীয়ে পৰিকল্পনা অনুসৰি তালাচী চলাই যুৱকজনক কৰায়ত্ব কৰে৷

আৰক্ষীৰ মতে একলাখ টকাৰ বন্দবস্তি মতে পিষ্টলটো বিক্ৰী কৰিবলৈ নগাঁৱলৈ আহিছিল চংগোৱাংছোং নগাহিতে৷

এই অস্ত্ৰ ব্যৱসায়ীজনক পূৰ্বতেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ কাৰ্বিআংলং জিলাৰ ডিফু আৰক্ষীয়ে অবৈধ অস্ত্ৰ ব্যৱসায়ৰ সৰ্ন্দভত গ্ৰেপ্তাৰ কৰা নগাহিতে চলিত বৰ্ষৰ জানুৱাৰী মাহত কাৰাগাৰৰ পৰা ওলাই গৈছিল৷

Leave a Comment