অসম
পিষ্টল, গুলীসহ আৰক্ষীৰ জালত দুই অস্ত্ৰ সৰবৰাহকাৰী…

চোৰ-ডকাইতকে ধৰি বিভিন্ন অপৰাধীৰ বিৰুদ্ধে সষ্টম নগাঁও আৰক্ষীয়ে লাভ কৰিলে আন এক সফলতা।
নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে পিষ্টলসহ দুজন যুবকক গ্ৰেপ্তাৰ কৰিছে৷
গ্ৰেপ্তাৰ কৰা যুবক দুজনৰ নাম হৈছে ইক্ৰামূল হুছেইন আৰু মিনাজ আহমেদ৷
সোমবাৰে গ্ৰেপ্তাৰ হোৱা ইক্ৰামূল আৰু মিনাজ অবৈধ অস্ত্ৰ সৰবৰাহৰে জড়িত বুলি আৰক্ষীয়ে জনাইছে৷
এখন মটৰ চাইকেলত পলিথিনত ভৰাই .২২ পিষ্টল , তিনি ৰাউণ্ড গুলী আৰু এটা মেগজিন লৈ দুয়ো ধিঙলৈ বুলি গৈ আছিল৷
নগাঁৱৰ পৰা ধিঙলৈ গৈ থকা অবস্থাত শিমলুগুৰি তিনিআলিত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে৷
ধৃত অস্ত্ৰ সৰবৰাহকাৰী দুয়োজনৰ ঘৰ জুৰীয়াৰ গৰৈমাৰীত৷
ধিঙৰ এজন ডকাইতক ইক্ৰামূল আৰু মিনাজে পিষ্টলটো গতাই দিয়া কথা আছিল৷
আৰক্ষীয়ে দুয়োৰে পৰা তেজপুৰত পঞ্জীয়ন থকা মটৰ চাইকেল এখনো জব্দ কৰিছে।