fbpx
অসম

পিতৃ-মাতৃ বন্দনাৰ বাবে ছুটী মঞ্জুৰ ৰাজ্য চৰকাৰৰ, শিক্ষক সমাজৰ অসন্তুষ্টি…

পিতৃ-মাতৃ বন্দনাৰ বাবে ছুটী মঞ্জুৰ ৰাজ্য চৰকাৰৰ।

মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিব ৯ আৰু ১০ ফেব্ৰুৱাৰীত দুদিন ছুটি।

আনহাতে ১১ ফেব্ৰুৱাৰী দ্বিতীয় শনিবাৰ আৰু ১২ ফেব্ৰুৱাৰী দেওবাৰ হোৱাৰ বাবে কৰ্মচাৰীসকলে মুঠ ৪ দিন ছুটি লাভ কৰিব।

কিন্তু তাৰ মাজতে ৰাজ্য চৰকাৰৰ অধীনস্থ শিক্ষকসকলৰ মাজত দেখা গৈছে অসন্তুষ্টি।

কিয়নো শিক্ষকসকলে অন্যান্য কৰ্মচাৰীসকলৰ দৰে লাভ নকৰিব ছুটি।

মাতৃ-পিতৃ বন্দনা আঁচনিৰ অধীনত শিক্ষকসকলেও দুদিন ছুটি লাভ কৰিব যদিও তেওঁলোকৰ বাবে নাথাকিব দ্বিতীয় শনিবাৰৰ ছুটি।

উল্লেখ্যে যে অন্য কৰ্মচাৰীৰ দৰে মুঠ ৪ দিন ছুটি লাভ নকৰিলে বহু সংখ্যক শিক্ষকে মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ নকৰিব।

কিয়নো টেটৰ জৰিয়তে শিক্ষক হিচাপে যোগদান কৰা বহু শিক্ষকেই অন্য জিলাত কৰ্মৰত।

সেয়েহে এতিয়া শিক্ষকসকলকো দ্বিতীয় শনিবাৰে ছুটি দিয়ৰ বাবে দাবী উত্থাপন কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!