পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰিবলৈ ৰাজ্যৰ কৰ্মচাৰীক দিয়া হ’ব বছৰত ৭ দিন ছুটি…

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ।

পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ বাবে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক দিয়া হ’ব বছৰত ৭ দিন ছুটি।

সোণাপুৰত বৃদ্ধাশ্ৰম উদ্বোধন অনুষ্ঠানত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘অভিভাৱকসকল আমাৰ গুৰু। যদি আমি আমাৰ পিতৃ-মাতৃৰ সৈতে দুৰ্ব্যৱহাৰ কৰো, তেন্তে আমাৰ সন্তানেও আমাৰ সৈতে দুৰ্ব্যৱহাৰ কৰিব।’

সেয়ে ৰাজ্য চৰকাৰে সন্তানক পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে বছৰত ৭ দিনৰ ছুটি প্ৰদান কৰিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘মই নিজেও ৭ দিন ছুটি ল’ম, মাৰ লগত থাকিম। মুখ্য সচিব, মন্ত্ৰী-বিধায়ক সকলোকে ৭ দিন ছুটি লৈ মা-দেউতাৰ লগত থাকিব দিছো।’

মুখ্যমন্ত্ৰী শৰ্মাই কৰ্মচাৰীসকলৰ বাবে ঘোষণা কৰা এই ছুটিৰ নিয়ম ব্যক্তিগত প্ৰতিষ্ঠান সমূহকো অনুসৰণ কৰিবলৈ আহ্বান জনায়।

Leave a Comment