পিতৃ-মাতৃৰ সৈতে বিদেশ ভ্ৰমণলৈ গৈ বহিঃৰাষ্ট্ৰত মৃত্যু ঘটিল গুৱাহাটীৰ নিৰ্ণয়ৰ, শোকৰ ছাঁ

নিউজ ডেস্কঃ পিতৃ-মাতৃৰ সৈতে ফুৰিবলৈ গৈ বিদেশৰ মাটিত মৃত্যুত সাৱটি ল’লে অসমৰ এগৰাকী মেধাৱী ছাত্ৰই।

দক্ষিণ-পূব এছিয়াৰ দ্বীপ ৰাষ্ট্ৰ ইণ্ডোনেছেয়িাৰ বালি প্ৰদেশত সোমবাৰে অসমৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে শোকত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে তেওঁৰ পৰিয়াল।

জানিব পৰা মতে, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা অনিল শৰ্মা আৰু লেখিয়া ঊষা শৰ্মাৰ পুত্ৰ নিৰ্ণয় শৰ্মাই পিতৃ-মাতৃৰ সৈতে ইণ্ডোনেছিয়া ভ্ৰমণলৈ গৈছিল।

G03
পিতৃ-মাতৃৰ সৈতে বিদেশ ভ্ৰমণলৈ গৈ বহিঃৰাষ্ট্ৰত মৃত্যু ঘটিল গুৱাহাটীৰ নিৰ্ণয়ৰ, শোকৰ ছাঁ 3

গুৱাহাটীৰ এইমছত এমবিবিএছৰ দ্বিতীয় বৰ্ষৰ মেধাৱী ছাত্ৰজনে বালিৰ এখন বিলাসী হোটেলত আশ্ৰয় লৈ আছিল।

কিন্তু সোমবাৰে দিনৰ ভাগত পিতৃ-মাতৃয়ে নিৰ্ণয় শৰ্মাক বিচাৰি নাপোৱাত হাহাকাৰ লাগে। তাৰ পিছতে বিচাৰ খোচাৰ কৰাত হোটেলৰ চুইমিং পুলত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় ২০ বৰ্ষীয় যুৱকজনৰ মৃতদেহ।

চুইমিং পুলত সাঁতুৰি থকাৰ সময়তে কোনো কাৰণত নিৰ্ণয়ৰ সলিল সমাধি ঘটাৰ সন্দেহ কৰা হৈছে। ইণ্ডোনেছিয়া চৰকাৰে আইনী কার্য সম্পন্ন হ’লেই কাইলৈ নিৰ্ণয় শৰ্মাৰ মৃতদেহ অসমলৈ ঘূৰাই পঠোৱাৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, নিৰ্ণয় শৰ্মাৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশেষ তৎপৰতা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও।

ইতিমধ্যে ইণ্ডোনেছিয়াস্থিত ভাৰতীয় দূতাবাসৰ সৈতে তেওঁ যোগাযোগ কৰি নিৰ্ণয়ৰ মৃতদেহ যাতে অসমলৈ ঘূৰাই আনিব পাৰি, তাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে চাওকঃ

বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভুলবশতঃ পাকিস্তান পালেগৈ অসমৰ এইগৰাকী ব্যক্তি, পৰিয়ালত হাহাকাৰ

325
পিতৃ-মাতৃৰ সৈতে বিদেশ ভ্ৰমণলৈ গৈ বহিঃৰাষ্ট্ৰত মৃত্যু ঘটিল গুৱাহাটীৰ নিৰ্ণয়ৰ, শোকৰ ছাঁ 4