পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ চৰকাৰী কৰ্মচাৰীলৈ ধনৰ যোগান ধৰিব চৰকাৰে, মুখ্যমন্ত্ৰীৰ ঘোষণা…

২০২৩ বৰ্ষত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব এখন বিশেষ আঁচনি। 

পিতৃ-মাতৃক তীৰ্থ ভ্ৰমণলৈ নিবলৈ চৰকাৰী কৰ্মচাৰীলৈ চৰকাৰী আঁচনিৰ জৰিয়তে ধনৰ যোগান ধৰিব ৰাজ্য চৰকাৰে।

দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, দেওবাৰে বিশ্বনাথ চাৰিআলিত অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মডেল অংগনবাদী কেন্দ্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে বামগাঁৱত।

মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগণবাড়ী কেন্দ্ৰতো উদ্বোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথা জানিবলৈ দিয়ে৷‌

লগতে অহা ১ ফেব্ৰুৱাৰীত মাইক্ৰফাইনেঞ্চৰ ঋণৰ সাহায্য লাভ কৰিবৰ বাবে মহিলাসকলে আবেদন কৰিব পৰাকৈ নতুন পৰ্টেল মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে চৰকাৰী কৰ্মচাৰীয়ে পিতৃ-মাতৃৰ লগত কটোৱা সময়ৰ ফটো জমা দিলেহে ছুটি মঞ্জুৰ হ’ব। অন্যথা  কেজুৱেল লিভহে পাব কৰ্মচাৰীয়ে৷

অহা বৰ্ষৰ পৰা পিতৃ মাতৃক লগ কৰিবলৈ ছুটি লাভ কৰাৰ লগতে পিতৃ মাতৃক তীৰ্থ ভ্ৰমণ কৰাবলৈ চৰকাৰে আঁচনিৰ জৰিয়তে পূঁজি যোগান ধৰিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Comment