ARUNACHAL PRADESH

’পিতৃ-মাতৃক জীৱিত অৱস্থাতে দিয়ক তেওঁলােকৰ প্ৰাপ্য মৰম-স্নেহ’ প্ৰয়াত পিতৃক স্মৰণৰ IPS বিষয়াৰ

নিউজ ডেস্ক। দেওবাৰে বিশ্বজুৰি উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় পিতৃ দিৱস। প্ৰত্যেকেই নিজৰ নিজৰ পিতৃক শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হয় এই বিশেষ দিনটোত।

কাৰোবাৰ পিতৃৰ মৃত্যু হ’লেও এই দিনত বহুতে পিতৃক কৰে সোঁৱৰণ।

ঠিক তেনেদৰে অৰুণাচল প্ৰদেশৰ সন্তান তথা ৰাজ্যখনৰ প্ৰথমজন ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা দিল্লীৰ শীৰ্ষ আৰক্ষী বিষয়া ৰবীন হিবুৱে এই দিৱসত সোঁৱৰিলে নিজ পিতৃক। পিতৃ দিৱসৰ উদ্দেশ্যে তেওঁ সকলোলৈ প্ৰেৰণ কৰিলে এক বাণী।

তেওঁ সকলোকে উদ্দেশ্যি কোৱা সেই বাণী হল- “যেতিয়ালৈকে নিজৰ পিতৃ-মাতৃ জীয়াই থাকে তেওঁলোকক মৰম কৰক। তেওঁলোক স্বৰ্গলৈ যোৱাৰ পিছত তেওঁলোকৰ বাবে আপুনি একোৱেই কৰিব নোৱাৰিব। আপোনালোক সকলোলৈকে পিতৃ দিৱসৰ উষ্ম শুভেচ্ছা যাচিলো।”

তেওঁ লগতে লিখে, “মোৰ পিতৃ এতিয়া নাই যদিও তেওঁৰ মৰম, মানুহ হ’বলৈ শিকোৱা পাঠ, মত বিনিময়, অধিক শ্ৰম, সততা আজিও মোৰ মনত সজীৱ হৈ আছে।”

IPS বিষয়া ৰবীন হিবু

তেওঁ পিতৃলৈ বুলি এখন পত্ৰ লিখি কয়, “২০০৭ চনত মোৰ গাৱঁত পিতৃ ক’মাত থকা অৱস্থাত মোৰ বাবে চাৰিদিন ৰৈ আছিল। যেতিয়া মই দিল্লীৰ পৰা আহিছিলো। যেতিয়া ক’মা অৱস্থাত মই তেওঁৰ শীতল হাতখন ধৰিছিলো, তেওঁ তেতিয়া মোৰ হাতৰ স্পৰ্শ বুজি পাইছিল। আধা ঘণ্টাৰ বাবে তেওঁ জী উঠিছিল। মই জানিছিলো মোক নেদেখাকৈ তেওঁৰ মৃত্যু হ’ব নোৱাৰে। মোৰ পিতৃৰ মূল্যৱান হাতখনে মোক কাঠ আৰু খৰি কাটিবলৈ শিকাইছিল, গছপুলি ৰোপণ কৰিবলৈ শিকাইছিল, বহু দূৰৰ পৰা পানী আনিবলৈ শিকাইছিল, আনক সহায় কৰিবলৈ শিকাইছিল, আনৰ চকুৰ চকুপানীৰ দুখ মচিবলৈ শিকাইছিল, জীৱনৰ দুৰ্যোগৰ সময়ত সদায় যোগাত্মক হৈ থাকিবলৈ শিকাইছিল, অসহায়জনক হাতত ধৰি তুলি আনিবলৈ শিকাইছিল। তেওঁৰ দৰে এজন মানুহ মই জীৱনত পোৱা নাছিলো। এই পৃথিৱীত মই হেৰুওৱা একমাত্ৰ আদৰৰ মানুহ জনেই হল মোৰ দেউতা।”

তেওঁ আৱেগিক হৈ লগতে লিখে, “তেওঁৰ মৃত্যুৰ ৫ দিনৰ পিছতেই মই দিল্লীৰ উপ আৰক্ষী আয়ুক্ত হিচাপে যোগদান কৰিছিলো। দেউতাবিহীন তেওঁৰ প্ৰেৰণা আৰু তেওঁৰ শব্দ সমূহ লৈয়েই মই আজিও আগুৱাই গৈ আছো। আৰু গৈ থাকিম। মই আশা কৰিছো যে এনে এদিন আহিব, য’ত ডাৱৰ আৰু ৰামধেনুৰ মাজত মই মোৰ দেউতাক আকৌ লগ পাম আৰু সাৱটি ধৰিম। সকলোলৈকে শুভ পিতৃ দিৱস।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button