পিতৃ ভাৰতীয় সেনাৰ জােৱান, ৪ জীয়ৰীয়েই ভৰ্তি হ’ল আৰক্ষী বাহিনীত…

নিউজ ডেস্ক। নাৰী শক্তি, নাৰী জননী।

বৰ্তমান সময়ত মহিলা কোনোপধ্যেই পুৰুষতকৈও পিছপৰি ৰোৱা নাই। তাৰেই এক বাস্তৱ উদাহৰণ উত্তৰাখণ্ডৰ ৪ ভগ্নী।

উত্তৰাখণ্ড আৰক্ষীত যোগদান কৰা এই ৪ ভগ্নীৰ সফলতাৰ কাহিনী নৱৰাত্ৰীৰ সময়ত টুইটাৰৰ যোগে শ্বেয়াৰ কৰিছে ৰাজ্যখনৰ আৰক্ষীয়ে।

G7 1
পিতৃ ভাৰতীয় সেনাৰ জােৱান, ৪ জীয়ৰীয়েই ভৰ্তি হ’ল আৰক্ষী বাহিনীত... 3

উল্লেখ্য যে, মানিলা আলমোৰাৰ বাসিন্দা ৪ ভগ্নী বৰ্তমান মাইকা কেণ্ট এলেকা বৰেলীৰ নিৱাসী।

জানকী, অঞ্জলি, কুমকুম আৰু গোল্ডিৰ পিতৃও আছিল ভাৰতীয় সেনা জোৱান। পিতৃৰ আদৰ্শৰে অনুপ্ৰানিত হৈ অশেষ প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত চাৰিওগৰাকী ভগ্নীয়ে উত্তৰাখণ্ড আৰক্ষীত যোগদানৰ সুযোগ লাভ কৰে।

বৰ্তমান জানকী বৰাই নৰেন্দ্ৰ নগৰত হেড কনিষ্টবল হিচাপে প্ৰশিক্ষণ লৈ আছে। একে সময়তে, অঞ্জলি ভাণ্ডাৰীক পি.এ.চি.-ত হেড কনিষ্টবল হিচাপে নিযুক্তি দিয়া হয়।

কুমকুম ধনিকে হালদৱানীৰ ডিআইজি ৰেঞ্জ কাৰ্যালয়ত উপ-পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু গোল্ডি ঘুগটিয়ালে উধম সিং নগৰত উপ-পৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

জানিব পৰা মতে, বৰকন্যা জানকী বৰাক বিএছচি পঢ়াৰ সময়ত কনিষ্টবল হিচাপে আৰক্ষীত ভৰ্তি কৰা হৈছিল। জানকীয়ে ১৯৯৭ চনত এই নিযুক্তি লাভ কৰিছিল।

p2 5
পিতৃ ভাৰতীয় সেনাৰ জােৱান, ৪ জীয়ৰীয়েই ভৰ্তি হ’ল আৰক্ষী বাহিনীত... 4

তৃতীয় কন্যা কুমকুমে ২০০২ চনত লাভ কৰিছিল নিযুক্তি। তাৰ পৰৱৰ্তী সময়ত ২০০৫ চনত আৰক্ষীত যোগ দিয়ে অঞ্জলি ভাণ্ডাৰীয়ে। আৰু শেষত কনিষ্ঠ কন্যা গোল্ডিয়ে ২০১৫ চনত যোগদান কৰে।

উল্লেখ্য যে, দাৰোগা কুমকুম সামাজিক মাধ্যমতো বহুত জনপ্ৰিয়। তেওঁ জি টিভিৰ চুপাৰমম শ্ব’ত অংশ লৈ হৃদয় জিনিছিল হাজাৰ হাজাৰ দৰ্শকৰ। সমান্তৰালভাৱে সামাজিক মাধ্যমত খুবেই সক্ৰিয় কুমকুম।

৪ ভগ্নীৰ এই সফলতাৰ কাহিনীয়ে উত্তৰাখণ্ডৰ লগতে দেশৰ অন্য প্ৰান্তৰ মহিলা-যুৱতীসকলকো অনুপ্ৰানিত কৰি আহিছে।

ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান প্ৰয়াত ৰূপ সিঙৰ আদৰ্শৰে এনেদৰে ৰাজ্যখনৰ সুৰক্ষাত নিয়োজিত ৪ কন্যাৰ সফলতাত উৎফুল্লিত তেওঁলোকৰ মাতৃ লীলা ঘুগটিয়ালো।

Leave a Comment