পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন

নিউজ ডেস্কঃ দৰিদ্ৰতা কেৱল এটা শব্দহে।

সফলতা পাবলৈ প্ৰকৃততে প্ৰয়োজন অধ্যাৱসায়, আগ্ৰহ আৰু সপোন। এয়াই প্ৰমাণ কৰি দিখুৱাইছে নগাঁৱৰ উৰিয়াগাঁৱৰ পুতনিৰ চন্দন বৰাই।

image 2022 06 27 12 59 00
পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন 7

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বাণিজ্য শাখাত নৱম স্থান লাভ কৰি জিলিকি উঠিছে চন্দন বৰা।

কালিলৈকে কোনেও চিনি নোপোৱা মেধাৱী ছাত্ৰজনৰ ঘৰ আজি ভৰি পৰিছে শুভাকাংক্ষী আৰু সাংবাদিকৰে।

image 2022 06 27 12 56 52
পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন 8

হৰেণ বৰা আৰু নমিতা বৰাৰ পুত্ৰ চন্দনে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল নগাঁৱৰ গীতাঞ্জলি জুনিয়ৰ কলেজৰ পৰা।

image 2022 06 27 12 59 08
পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন 9

কঠোৰ পৰিশ্ৰম, অধ্যাৱসায়ৰ বলত মুঠ ৪৬১ নম্বৰ লাভ কৰি নৱম স্থান লাভ কৰিবলৈ সক্ষম হয় চন্দনে।

image 2022 06 27 12 57 25
পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন 10

উল্লেখ্য যে, চন্দন বৰাৰ পিতৃ হৰেণ বৰা কৰ্মসূত্ৰে হায়দৰাবাদত থাকে। য’ত তেওঁ এটা ব্যক্তিগত প্ৰতিষ্ঠানত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈ আছে।

image 2022 06 27 12 57 51
পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন 11

পৰিয়ালৰ আৰ্থিক দৈন্যতাক শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’বলৈ নিদি চন্দনে লাভ কৰা সাফল্যই আজি আনন্দিত কৰিছে তেওঁৰ পৰিয়াল তথা আন আন সকলকো।

লগতে চাওকঃ

বাৰীৰ আম পাৰি খাবি কিয়? বিজেপি বিধায়কৰ ঘৰৰ পৰা আম ‘চুৰি’ কৰি বিপদত পৰিল এজন

G2 17
পিতৃ চিকিউৰিটি গাৰ্ড! আৰ্থিক দৈন্যতাৰ মাজতো বাণিজ্য শাখাত নৱম স্থান লাভ কৰি উজ্বলিল চন্দন 12