অসম
পিতৃহাৰা হ’ল বিধায়ক চক্ৰধৰ গগৈ, অৱসৰপ্ৰাপ্ত সৈনিক মণিকান্ত গগৈৰ মৃত্যু…

পিতৃহাৰা হ’ল বিধায়ক চক্ৰধৰ গগৈ।
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত সৈনিক মণিকান্ত গগৈৰ মৃত্যু।
ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত শেষ নিশ্বাস কৰে গগৈয়ে।
হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা গগৈৰ মৃত্যু গয়
তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত পৰিছে গভীৰ শোকৰ ছাঁ।
মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিজন পুত্র, এগৰাকী কন্যাকে ধৰি অসংখ্য আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায়।
সেনাবাহিনীৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাচত সৰবৰহী ব্যক্তি মণিকান্ত গগৈয়ে বিভিন্ন সামাজিক কাম-কাজত আত্মনিয়োগ কৰিছিল।
গগৈৰ মৃত্যুত কেবিনেট মন্ত্রীদ্বয় যোগেন মহন আৰু বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ উপৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।
নিজ জন্মভূমি লেঙেৰী ন-খাট চাংমাই গাঁৱত মণিকান্ত গগৈৰ শেষকৃত্য সম্পন্ন কৰা হয়।