পিতৃহাৰা কিশোৰীক নিশা ঘৰৰ পৰা উঠাই নি কৰিছিল বলাৎকাৰ! লম্পট অপৰাধীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ…

নিউজ ডেস্কঃ কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰি অপৰাধীক ২০ বছৰ কাৰাদণ্ড আদালতৰ।

গোৱালপাৰাৰ বিশেষ পকছ’ আদালতে প্ৰদান কৰে এই ৰায়।

২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা লম্পট অপৰাধীজন হৈছে মাটিয়াৰ গোসাঁইবড়ীৰ বিজয় দাস (৩৮)।

২০২১ চনৰ ৬ এপ্ৰিলত এই লজ্জাজনক কাণ্ড সংঘটিত কৰিছিল পাষণ্ডটোৱে।

নিশা পিতৃহাৰা কিশোৰীগৰাকীক ঘৰৰ পৰা বলপূৰ্বকভাৱে উঠাই নি নিজ বাসগৃহত উপৰ্যুপুৰি ধৰ্ষণ কৰিছিল পাষণ্ডটোৱে।

পৰৱৰ্তী সময়ত এই সন্দৰ্ভত মাটিয়া থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে ৰুজু কৰা গোচৰত শুনানি গ্ৰহণ কৰি অপৰাধীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমণা বিহে জিলা সত্ৰ ন্যায়াধীশ জিতুমণি বৰ্মনৰ বিশেষ পকছ’ আদালতে।

যোৱা ৪ ফেব্ৰুৱাৰীত এই ৰায় প্ৰদান কৰে আদালতে।

আনহাতে জৰিমনা আদায় নিদিলে অতিৰিক্তভাৱে ৪ মাহৰ কাৰাদণ্ড বিহে আদালতে।

ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৪২ ধাৰাতো দোষী সাব্যস্ত কৰি দুমাহৰ সশ্ৰম কাৰাদণ্ড বিহে।

ভুক্তভোগীৰ হৈ আদালতত যুক্তি দৰ্শাইছিল চৰকাৰী পক্ষৰ অধিবক্তা সঞ্জয় শর্মাই।