পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতি! প্ৰথমে ঘৰত অগ্নিসংযোগ কৰি ২ সন্তানসহ নৈত জাঁপ দিলে মহিলাই, সন্ধানহীন মাতৃ-পুত্ৰ

নিউজ ডেস্কঃ পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতি। দুই কণমানি সন্তানক লগত লৈ নৈত জঁপিয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী মাতৃৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱত।

জানিব পৰা মতে, আঠগাঁৱৰ বাঁহবড়ি চুবুৰীৰ অৰূপ ডেকাৰ পত্নী ৰুমী ডেকাই মঙলবাৰে দুপৰীয়া দুই সন্তানসহ পুঠিমাৰী নৈত জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়।

ইফালে মহিলাগৰাকীয়ে নৈত জাঁপ দিয়াৰ পিছতে স্থানীয় লোকে ততাতৈয়াকৈ মহিলাগৰাকীৰ ৪ বছৰীয়া পুত্ৰ বিতোপন ডেকাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়াও সন্ধানহীন হৈ আছে ৰুমী ডেকাৰ লগতে তেওঁৰ আনটো ৬ বছৰীয়া পুত্ৰ নিতুস্মিন ডেকা।

জানিব পৰা মতে, মহিলাগৰাকীয়ে নৈত জঁপিয়াই আত্মহত্যা কৰাৰ পূৰ্বে নিজৰ ঘৰত অগ্নি সংযোগ কৰে।

তাৰ পিছতে দিনৰ প্ৰায় ২ বজাত দুই সন্তান সহিতে পুঠিমাৰী নৈত জাঁপ দিয়ে।

এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ মহিলাগৰাকীৰ লগতে নিৰুদ্দিষ্ট সন্তানটিৰ সন্ধানত অভিযান আৰম্ভ কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।