পাহাৰ খননৰ সময়ত অঘটন! মাটি খহি এছকেভেটৰ চালকৰ কৰুণ মৃত্যু

April 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। পাহাৰৰ মাটি খান্দােতে মৃত্যু ঘটিল এছকেভেটৰৰ চালকৰ।

ঘটনাৰ স্থান কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মান্দাকাটাৰ ওচৰৰ শুক্তাগুৰিত পাহাৰ।

মৃত চালকজন ছিপাঝাৰ থানাৰ অন্তৰ্গত দুমুনিচকীৰ বাঁহগড়াৰ (২নং মাজৰচুবা) আইৰুদ্দিন আলীৰ পুত্ৰ ৰুবুল আলী (২৩)।

ৰুবুল আলীয়ে সােমবাৰে মান্দাকাটাৰ ওচৰৰ উত্তৰ গুৱাহাটী পথৰ গাতে লাগি থকা মণিৰুদ্দিন আহমেদৰ এ এম ইটাভাতাৰ এক্সকেভেটৰখনেৰে পাহাৰৰ মাটি খান্দি আছিল।

খান্দি থকা পাহাৰৰ মাটি ওপৰৰ পৰা খহি পৰাত মৃত্যু হয় চালক ৰুবুল আলীৰ।

চকুৰ পচাৰতে এনে আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাত হুৱাদুৱা লাগে।

ৰুবুল আলীক প্ৰথমে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ অসমৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ দিল্লীত মৃত্যু