fbpx
অসমীয়াৰাষ্ট্ৰীয়

পাশৱিক! ডিঙিত ৰচীৰে বান্ধি ৰাজপথেৰে ৫ কিলোমিটাৰ চোঁচৰাই নিলে এটা কুকুৰক, এজন চিকিৎসকৰ কাণ্ডত ক্ষুব্ধ পশুপ্ৰেমী…

নিউজ ডেস্কঃ ঘৰত প্ৰৱেশ কৰাৰ বাবেই ডিঙিত ৰচী বান্ধি গাড়ীৰে চোঁচৰাই লৈ যোৱা হ’ল এটা কুকুৰৰ। এজন চিকিৎসকৰ এনে পাশৱিক কাৰ্যই এতিয়া ক্ষুব্ধ কৰিছে পশুপ্ৰেমীক। ইতিমধ্যে চিকিৎসকজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰো।

এই ঘটনা সংঘটিত হয় ৰাজস্থানৰ যোধপুৰত। জানিব পৰা মতে, ডা০ ৰাজনীশ গালৱাৰ নামৰ এজন চিকিৎসকৰ ঘৰত প্ৰৱেশ কৰিছিল এটা কুকুৰে। তাতেই ক্ষুব্ধ হৈ চিকিৎসকজনে এডাল প্লাষ্টিকৰ ৰচীৰে কুকুৰটোক বান্ধি ৰাজপথেৰে ৫ কিলোমিটাৰ চোঁচৰাই লৈ যায়।

ৰাজপথত এই দৃশ্য প্ৰত্যক্ষ কৰি একাংশ যুৱকে চিকিৎসকজনক বাধা দিবলৈ অহাত চিকিৎসকজনে তেওঁৰ সহকৰ্মী সকলক ফোন কৰি যুৱক কেইজনৰ ওপৰতো আক্ৰমণ চলায়।

যুৱক কেইজনে এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰো অভিযোগ উত্থাপন হয়।

তাৰ পিছতে যুৱক কেইজনে সমগ্ৰ বিষয় সন্দৰ্ভত লোকসভাৰ সাংসদ তথা পশু অধিকাৰ কৰ্মী মেনকা গান্ধীক ফোনযোগে অৱগত কৰাত সাংসদগৰাকীয়ে শাস্ত্ৰীনগৰ থানা আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰে। তাৰ পিছতে অভিযুক্ত চিকিৎসক ডা০ ৰাজনীশ গালৱাৰৰ বিৰুদ্ধে পশু নিষ্ঠুৰতা আইনৰ অধীনত গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, যোধপুৰৰ এছ এন মেডিকেল কলেজত প্লাষ্টিক চাৰ্জন হিচাপে কৰ্তব্যৰত হৈ আছে ড০ ৰাজনীশ গালৱাৰ। চিকিৎসকৰ দৰে বৃত্তিত জড়িত হৈ থাকিও এনেদৰে এটা কুকুৰৰ ওপৰত চিকিৎসকে চলোৱা নিৰ্যাতনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!