পালচাৰ বাইকৰ সৈতে সংঘৰ্ষ ট্ৰাকৰ, মহিলা বাইক আৰোহীৰ মৃত্যু

নিউজ ডেস্ক। নগাঁও জিলাৰ চামুগুৰী শিঙিমাৰী দলংপাৰত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা, আহত যুৱক।

জানিব পৰা মতে, পালচাৰ বাইক আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিহত হয় পালচাৰ বাহনখনত থকা মহিলা গৰাকী।

এএছ০১এম চি৮৮১৬ নম্বৰৰ ট্ৰাকখন ৰূপহী হৈ নতলি অভিমুখে গৈ আছিল আৰু এএছ ১২ ইউ৫২৮৬ নম্বৰৰ পালচাৰ বাহনখন বিপৰীত দিশত গৈ আছিল।

এই সংঘৰ্ষৰ ফলতে বাইকখনৰ মহিলাগৰাকী থিতাতে নিহত হোৱাৰ লগতে বাইকখনৰো বিস্তৰ ক্ষতিসাধন হয়।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও প্ৰায় এক কিলোমিটাৰ দূৰত্বত ট্ৰাকখন ৰখাই পলায়ন কৰে ট্ৰাকচালকজনে।

Leave a Comment