পাভ সংৰক্ষিত বনাঞ্চলৰ বেদখলকাৰীক উচ্ছেদৰ দাবীত অসমীয়া যুৱ মঞ্চৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ…

লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চলখলৈ সম্প্ৰতি নামি আহিছে চৰম ভাবুকি।

বনাঞ্চলখন সম্প্ৰতি ভৰি পৰিছে একাংশ সন্দেহজনক নাগৰিকৰে।

দীৰ্ঘদিন ধৰি বনাঞ্চলখনত অবাধ ৰূপত হৈ থকা বেদখল ৰোধ কৰাৰ বাবে বিভিন্ন দল সংগঠনে চৰকাৰ প্ৰশাসনক দাবী জনাই আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

যাৰ ফলত বনাঞ্চলৰ ভূমিত বেদখলৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইছে।

পাভ সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখলকাৰী সকলক উচ্ছেদ কৰাৰ দাবীত বুধবাৰে উত্তৰ লখিমপুৰ নগৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অসমীয়া যুৱ মঞ্চই।

অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমতিৰ উদ্যোগত অৰ্দ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ প্ৰতিবাদকাৰীয়ে।

লখিমপুৰ নগৰৰ মালপানী চাৰিআলিত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে।

এই কাৰ্যসূচীৰ জৰিয়তে লখিমপুৰ জিলা প্ৰশাসনক বেদখলকাৰীক উচ্ছেদ কৰি ভূমি মুকলি কৰাৰ দাবী জনায়।

Leave a Comment