পানী নথকা ফায়াৰ ব্ৰিগেড কংগ্ৰেছ সভাপতি ভূপেন বৰাঃ পীয়ুষ হাজৰিকা…

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইবাৰ উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড বুলি কটাক্ষ মন্ত্ৰী পিযুষৰ।

পীয়ুষ হাজৰিকাই কয়, ‘পানী নথকা ফায়াৰ ব্ৰিগেড ভূপেন বৰা। তেওঁৰ ফায়াৰ ব্ৰিগেডত পানী থাকিলেহে জুই নুমুৱাব।’

উল্লেখ্য যে গণৰাজ্য দিৱসৰ দিনটোতে ভূপেন বৰাই এটা স্বৰচিত কবিতা পাঠ কৰি নিজকে ফায়াৰ ব্ৰিগডৰ লগত তুলনা কৰিছিল আৰু মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰিছিল।

তেওঁ কৈছিল ‘মুখ্যমন্ত্ৰীয়ে য’ত য’ত জুই জ্বলাব, মই ফায়াৰ ব্ৰিগেড হৈ জুই নুমুৱাম।’

আকাংশলঙ্ঘী মূল্যবৃদ্ধিৰ পৰা মেঘালয়ৰ হাতত অসমৰ ভূমি হস্তান্তৰ কৰালৈকে সকলো জ্বলন্ত সমস্যাক পদ্যৰূপ দি ভূপেন বৰাই আওৰায় “মই ফায়াৰ ব্ৰিগেড” শীৰ্ষক কবিতা।

ইয়াৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, ভূপেন বৰাই আজিকালি নতুন পেছা আৰম্ভ কৰিছে, কবিতা লিখা।

তেওঁ কয়-ভূপেন বৰাই কবিতা লিখা আৰম্ভ কৰিছে কাৰণ তেওঁ জানে যে তেওঁ আৰু কোনো নিৰ্বাচনত জিকিব নোৱাৰে। তিনিটা নিৰ্বাচনত তেওঁ ক্ৰমান্বয়ে হাৰিছে। ভূপেন বৰা এজন ফেইলড পলিটিচিয়ান। গতিকে তেঁও নতুন পেছা এটা লৈছে কবিতা লিখা কাম। ভূপেন বৰাৰ নতুন পেছাক মই শুভেচ্ছা জনাইছোঁ।’

পীয়ুষ হাজৰিকাই লগতে কয় যে, আমি ৰাজ্যসভাৰ দুয়োখন আসনতে জয় লাভ কৰিম। ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে ৮৪ টা ভোটৰ প্ৰয়োজন আৰু আমি দুয়োখনতে জিকিম।

কংগ্ৰেছ সভাপতি ভূপেন বৰাই লিখা কবিতাটো পঢ়ক—

“মই ফায়াৰ ব্ৰিগেড

বজাৰত জ্বলিছে জুই
চৰকাৰ আছে শুই
নিবনুৱাৰ বুকুতো জ্বলিছে জুই
বুলেট খাই কীৰ্তিকমল আছে শুই
দুখীয়াৰ পেটত জ্বলিছে জুই
শুদা চাউল খাই আমিও আছোঁ শুই।

পুলিচ পিটিকা হব অপৰাধী ধৰিলে
সংবাদো সোপা দিব ৰাজমাতাৰ খবৰ ছপালে
মিজোৰাম সীমান্ততো ওলাইছে জুই
দেখিছিলোঁ আমি চকুৰ পানীৰ নৈ
জাতি-মাটি-ভেটি এৰি দিব গৈ
মেঘালয়ে আদৰিব বৰপীৰা লৈ।

গণতন্ত্ৰ তোমাৰ মন্ত্ৰ
ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ব
আজি অসমত লাঞ্ছিত আৰু বঞ্চিত।

খৰি ফলা দি জাতিক ফালিছে
উম উমাই যেন জুই জ্বলিছে
জুই জাতিৰ মূৰত জ্বলিছে
জুই জাতিৰ হৃদয়ত জ্বলিছে।

চৰকাৰ তই জুই জ্বলাইছ
মই নুমুৱাম
মই ফায়াৰ ব্ৰিগেড হৈ পানী চতিয়াম
মই জুই নুমুৱাম।”

Leave a Comment