পানী ঘোলা কৰিবলৈ একাংশই নামিছে নিৰ্বাচনী যুঁজতঃ সৰ্বানন্দ সোণোৱাল…

সমাগত মাজুলী উপ-নিৰ্বাচন।

নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

দেওবাৰে মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷

মাজুলীৰ উপ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়োৱা বিজেপি প্ৰাৰ্থী ভূৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মাজুলীত উপস্থিত থাকে জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাও৷

সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়- মাজুলীৰ ৰাইজে বিজেপিৰ প্ৰতি সদায় আন্তৰিকতা প্ৰদান কৰি আহিছে।

ভূৱন গাম জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰি তেওঁ কয়- ভূূৱন গাম জয়ী হৈছেই, কেৱল আনুষ্ঠানিকতাহে বাকী আছে। বেলেগ দলৰ প্ৰতি ৰাইজৰ কোনো আস্থা নাই। আন দল সমূহৰ কোনো লক্ষ্য উদ্দেশ্য নাই, সিঁহতে কেৱল পানী ঘোলা কৰিবলৈ আহে। সেই কথাটো মাজুলীৰ ৰাইজে বুজি পাইছে।

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক ভাৰতবৰ্ষৰ বুকুত চেষ্ট ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে শদীয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰৰ ৰাইজ একত্ৰিত হৈছে., মাজুলীৰ ৰাইজেও এই যাত্ৰত অংশীদাৰ হৈছে বুলিও মন্তব্য কৰে সোণোৱালে।

লগতে বিজেপি প্ৰাৰ্থী ভূৱন গাম এজন সৰল আৰু উদাৰ মনৰ ব্যক্তি বুলি মন্তব্য কৰে সোণোৱালে।

Leave a Comment