নিউজ ডেস্ক। ঠাণ্ডাৰ দিনত আপুনিও গৰম পানীৰে গা ধোৱে নেকি? গা ধোৱা পানী গৰম কৰিবলৈ আপোনাৰ ঘৰৰ বাথৰুমতো বৈদ্যুতিক ৰড লগোৱা আছে নেকি?
যদি আছে, তেন্তে এতিয়াৰে আপুনিও সাৱধান হওক। কিয়নো আপোনাৰ এটা সৰু ভুলে আপোনাৰ জীৱন ধ্বংস কৰিব পাৰে।
উত্তৰ প্ৰদেশৰ আলাগিধৰ জাট্টাৰী চহৰ অঞ্চলৰ ওচৰৰ গৌৰৌলা গাঁৱত সংঘটিত হৈছে এনে এক শোকাবহ ঘটনা। য’ত গা ধোৱা পানী গৰম কৰা বৈদ্যুতিক ৰডত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটিবলগীয়া হল এগৰাকী মহিলাই।
জানিব পৰা মতে, গৌৰাউলা গাওঁৰ প্ৰধান যাদৱেন্দ্ৰ সিং ওৰফে য়াডুৰ পত্নী প্ৰিয়ংকাই দেওবাৰে গা ধুবলৈ প্ৰৱেশ কৰিছিল ঘৰৰ বাথৰুমটোত।
প্ৰচণ্ড জাৰৰ বাবে প্ৰিয়ংকাই গা ধোৱা পানী গৰম কৰিবলৈ বাথৰুমত লগাই থোৱা বৈদ্যুতিক ৰড অন কৰি বাথৰুমৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি লয়।
কিন্তু বহু সময় ধৰি প্ৰিয়ংকা বাথৰুমৰ পৰা ওলাই নহাত স্কুললৈ যাবলৈ পলম হোৱা তেওঁৰ ৫ বছৰীয়া কণমানি কন্যা লভিকাই মা মা বুলি চিঞৰি মাতে।
কিন্তু তাৰ পিছতো প্ৰিয়ংকাই ভিতৰৰ পৰা কোনো সঁহাৰি নিদিয়াত ছোৱালীজনীয়ে আইতাক আৰু পৰিয়ালৰ আন সদস্য সকলক এই কথা জনায়।
উল্লেখ্য যে, সেই সময়ত প্ৰিয়ংকাৰ স্বামী যাদৱেন্দ্ৰ সিং ঘৰত নাছিল। তেওঁ ৩১ ডিচেম্বৰতে মা বৈষ্ণ দেৱীৰ মন্দিৰ দৰ্শনৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল।
আনহাতে পৰিয়ালৰ বাকীবোৰ সদস্যইও মাতি মাতি প্ৰিয়ংকাৰ সঁহাৰি নাপাই অৱশেষত বাথৰুমৰ দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰে আৰু বিদ্যুৎপৃষ্ট হৈ মুমূৰ্ষ অৱস্থাত পৰি থকা প্ৰিয়ংকাক উদ্ধাৰ কৰে।
পৰিয়ালে তেওঁক সংকটজনক অৱস্থাত কৈলাশ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে প্ৰিয়ংকাক।
আনহাতে, মৃতদেহ ঘৰলৈ অনাৰ ৪-৫ ঘণ্টাৰ পিছত প্ৰিয়ংকাৰ শৰীৰ সামান্য লৰচৰ কৰাৰ দাবী কৰে পৰিয়ালৰ লোকে। লগে লগে তেওঁক চিকিৎসাৰ বাবে পুনৰ দিল্লীলৈ লৈ যোৱা হয় যদিও সেইবোৰো মৃত ঘোষণা কৰে চিকিৎসকে।
লগতে চাওকঃ
উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী…