‘পাঠান’ৰ ১২০টা টিকট ক্ৰয় কৰি আৰক্ষীৰ ৰোষত মফিদুল ইছলাম, আইন শৃংখলাজনিত কাৰণত মফিদুলক আৱদ্ধ

বহু বিতৰ্কিত ছবি ‘পাঠান’ৰ ১২০টা টিকট ক্ৰয় কৰি আৰক্ষীৰ ৰোষত দৰঙৰ খাৰুপেটীয়াৰ মফিদুল ইছলাম।

আইন শৃংখলাজনিত কাৰণত আৱদ্ধ কৰা হৈছে মফিদুলক।

দৰং জিলাৰ ধূলা আৰক্ষী থানাত আৱদ্ধ কৰি ৰখা হয় মফিদুল ইছলামক।

ধূলা আৰক্ষীয়ে থানালৈ নি বহুৱাই ৰাখে মফিদুলক।

পাঠান ছবিখন বন্ধুৰ সৈতে চাবলৈ কাটিছিল ১২০টাকৈ টিকট।

অৱশ্যে আৱদ্ধ কৰি ৰখাৰ ফলত শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি ‘পাঠান’ৰ প্ৰথম দৰ্শনী চাবলৈ নাপালে মফিদুলে।

১২০টা টিকট সংগ্ৰহ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল মফিদুলে।

মঙলদৈৰ ড্ৰিম থিয়েটাৰ হ’লত পাঠান চোৱাৰ কথা আছিল মফিদুলৰ।

মফিদুল NEMSUৰ দৰং জিলা সমিতিৰ কাৰ্যকৰী সভাপতি আছিল।