পাক কাৰাগাৰত বন্দী অসমৰ ৱাহিদা! ওভতাই আনিবলৈ মাতৃয়ে দাখিল কৰা লেখ আবেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ…

নিউজ ডেস্কঃ অসমৰ ৱাহিদা পাকিস্তানৰ কাৰাগাৰত বন্দী থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে ৱাহিদাৰ মাতৃয়ে কন্যাক ওভতাই বিচাৰি দাখিল কৰা লেখ আবেদন।

ন্যায়িক পৰিসীমাৰ বাহিৰৰ এই বিষয় বুলি মন্তব্য কৰিয়েই ন্যায়ালয়ে খাৰিজ কৰে মাতৃ আজিখা খাতুনৰ আবেদন।

উল্লেখ্য যে, ১০ নৱেম্বৰত স্বগৃহৰ পৰা সন্ধানহীন হৈছিল নগাঁও জিলাৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুই পানীগাঁৱৰ নিৱাসী ৱাহিদা বেগম নামৰ মহিলাগৰাকী।

এটি ১০ বছৰীয়া পুত্ৰ মাতৃৰ কিদৰে অসমৰ পৰা গৈ পাকিস্তান পালেগৈ সেয়া এতিয়াও ৰহস্য যদিও হাতত বৃহৎ পৰিমাণৰ ধন লৈ প্ৰেমিকৰ সৈতে মহিলাগৰাকীয়ে পলায়ন কৰিছিল বুলি একাংশই মন্তব্য কৰিছে।

জানিব পৰা মতে, চাৰি বছৰ পূৰ্বে মৃত্যু ঘটিছিল ৱাহিদাৰ স্বামী মহম্মদ মহছিন খানৰ।

ইফালে স্বামীৰ মৃত্যুৰ পিছতে উত্তৰাধিকাৰীৰূপে ৱাহিদাই লাভ কৰিছিল ১.৬০ কোটি টকা।

স্বামীৰ মৃত্যুৰ পিছত এজন কাবুলীৱালাৰ্ প্ৰেমত পৰা ৱাহিদাই সেই ধন লৈয়েই পলায়ন কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে একাংশই।

কিন্তু পাকিস্তান সীমান্তত মহিলাগৰাকীক বৈধ নথি নথকাৰ অপৰাধত পাক সেনাই গ্ৰেপ্তাৰ কৰি ৱাহিদাক কুৱেটাৰ জে’ললৈ প্ৰেৰণ কৰে।

অন্যহাতে পাকিস্তান-আফগানিস্তান সীমান্তৰ জে’লত ৱাহিদাৰ ১০ বছৰীয়া পুত্ৰও কাৰাবন্দী হৈ আছে বুলি জানিব পৰা গৈছে।

কন্যা আৰু নাতি পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰাৰ পিছতে দুয়োকে ওভতাই আনিবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল ৱাহিদাৰ মাতৃ আজিখা খাতুন।

কিন্তু আদালতেও তেওঁৰ লেখ আবেদন খাৰিজ কৰে।