
নিউজ ডেস্কঃ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অতিজৰে পৰা চলাই আহিছে জঘন্য ষড়যন্ত্ৰ। নিৰন্তৰভাৱে বেলেগ বেলেগ ৰূপেৰে পাকিস্তানে অব্যাহত ৰাখিছে এই কূট কৌশল। পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা এজন লোকক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক ভয়ানক তথ্য।
অতি আচৰিতভাৱে গ্ৰেপ্তাৰ হোৱা এই গুপ্তচৰজন এজন হিন্দু শৰণাৰ্থী, যি পাকিস্তানৰ পৰা আহি তিনিবছৰৰ পূৰ্বে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল। এই শৰণাৰ্থীজনক পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ৰাজস্থানৰ চোৰাংচোৱা বাহিনীয়ে দিল্লীত গ্ৰেপ্তাৰ কৰে।
ৰাজস্থান চোৰাংচোৱাই দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা এই গুপ্তচৰ জনক ৪৬ বছৰীয়া ভাগচান্দ বুলি চিনাক্ত কৰা হৈছে। অভিযুক্তজনে তিনি বছৰ আগতে ভাৰতৰ নাগৰিকত্ব লৈছিল আৰু দিল্লীত টেক্সি চলাই জীৱন নিৰ্বাহ কৰিছিল।

চোৰাংচোৱাই অভিযুক্তজনে এজন পাকিস্তানী হেণ্ডেলাৰৰ সৈতে সম্পৰ্ক ৰাখি দিল্লীৰ পৰা পাকিস্তানলৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ কৰি আহিছিল বুলি তথ্য লাভ কৰিছিল।
১৪ আগষ্টৰ দিনা নাৰায়ণ লাল গাদৰী নামৰ এজন লোকক চোৰাংচোৱা হিচাপে কাম কৰাৰ অভিযোগত ভিলৱাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল, যাৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা তথ্যত দিল্লীৰ সঞ্জয় কলনিৰ বাসিন্দা ভাগচান্দো তেওঁৰ সৈতে জড়িত আছিল বুলি নিশ্চিত কৰা হয়।
তিনি বছৰ ধৰি পাকিস্তানৰ হৈ চোৰাংচোৱাৰ কাম কৰি থকাৰ বাবে তেওঁ পাকিস্তানৰ পৰা লাভ কৰিছিল ধন। টেক্সি চলোৱাৰ সময়ত, তেওঁ দিল্লীৰ বিভিন্ন ঠাইৰ ফটো তুলি সেইবোৰ পাকিস্তানলৈ প্ৰেৰণ কৰি আহিছিল।
জানিব পৰা মতে, ভাগচান্দে ১৯৯৮ চনত তেওঁৰ পৰিয়ালৰ সৈতে ভিছা লৈ ভাৰতলৈ আহিছিল আৰু ইয়াত শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। তিনি বছৰ পূৰ্বে তেওঁ ভাৰতৰ নাগৰিকত্ব লাভ কৰে আৰু ভাৰতত থাকি পাকিস্তানৰ হৈ কাম কৰিবলৈ আৰম্ভ কৰে।
চোৰাংচোৱা বিভাগৰ এটা যুটীয়া দলে বৰ্তমান জয়পুৰত জেৰা অব্যাহত ৰাখিছে অভিযুক্তি পাকিস্তানী হিন্দু শৰণাৰ্থীজনক।