
নিউজ ডেস্কঃ সমগ্ৰ দেশবাসীক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে কংগ্ৰেছে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰা ভাৰত জোৰো যাত্ৰা অসমত আৰম্ভ হ’ব পহিলা নৱেম্বৰৰ পৰা। শুকুৰবাৰে মহানগৰীত এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।
পহিলা নৱেম্বৰত ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই ৮০০ কিলোমিটাৰ দীঘলীয়া ভাৰত জোৰো যাত্ৰাত প্ৰতিদিনে ১৫ কিলোমিটাৰ পথ খোজকাঢ়িব অংশগ্ৰহণকাৰী সকলে। এই যাত্ৰাৰ অন্ত পৰিব শদিয়াত।
ইফালে এই ভাৰত জোৰো যাত্ৰা কোনো ৰাজনৈতিক উদ্দ্যেশ্য প্ৰণোদিত নহয় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে। কিন্তু তেওঁ কয় যে বিজেপিয়ে এফালৰ পৰা ভাঙি যোৱা দেশখনক পুনৰ জোৰা লগোৱাৰ উদ্দেশ্যে এই ভাৰত জোৰো যাত্ৰা অতি প্ৰয়োজনীয়।
বিজেপি দল আৰু চৰকাৰৰ অন্যায়, দুর্নীতি, গণ্তন্ত্ৰবিৰোধী, সংবিধানবিৰোধী নীতিৰ বিৰুদ্ধে সমগ্ৰ দেশত এতিয়া কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়াইছে দেশবাসীয়ে। এই মন্তব্য কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এই যাত্ৰা ভাৰতীয় ইতিহাসৰ আটাইতকৈ দীঘল পদযাত্ৰা হিচাপে পৰিগণিত হব।
ইফালে পহিলা নৱেম্বৰত অসমৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত জোৰো যাত্ৰাত ৰাহুল গান্ধীয়ে অংশ ল’ব নোৱাৰিব বুলি জানিবলৈ দি জয়ৰাম ৰমেশে কয় যে ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জেৰা যাত্ৰাত অংশগ্রহণ কৰি থকাৰ বাবে ৰাহুল গান্ধীয়ে অসমলৈ আহিব নোৱাৰিব। অসমত এই যাত্ৰাত কংগ্ৰেছৰ সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ দিগ্বিজয় সিং, নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ অন্যান্য শীর্ষ নেতাৰ লগতে নিজেও উপস্থিত থাকিব বুলি জয়ৰাম ৰমেশে কয়।
দেশৰ সর্বমুঠ ৩৫৭০ কিলোমিটাৰ সাঙুৰি আৰম্ভ হোৱা ভাৰত জোৰো যাত্ৰাৰ অন্তিম সমাৰোহ অনুষ্ঠিত হ’ব ২০২৩ চনৰ জানুৱাৰী মাহত ৰাজস্থানত। দেশবাসীক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে কংগ্ৰেছে আৰম্ভ কৰা ভাৰত জোৰো যাত্ৰাত ৩০ শতাংশ মহিলাই অংশগ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।
আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি জয়ৰাম ৰমেশে কয় যে হিমন্ত বিশ্ব শৰ্মা নিজেই এজন দুৰ্নীতিগ্ৰস্ত নেতা। তেওঁক কংগ্ৰেছে সকলোখিনি দিছিল। তাৰ পিছতো তেওঁ কংগ্ৰেছত লাঠ মাৰিছিল। এসময়ত হিতেশ্বৰ শইকীয়াই তেওঁক ৰক্ষা কৰিছিল। এতিয়া বিজেপিলৈ গৈ তেওঁ ৱাচিং মেছিনত নিকা হৈ পৰিছে।
শুকুৰবাৰে অনুষ্ঠিত সংবাদমেলখনত সমন্বয়ৰক্ষী সমিতি আহ্বায়ক দিগ্বিজয় সিং, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, উপ-দলপতি ৰকিবুল হুছেইনো উপস্থিত থাকে।