পশ্চিম বংগৰ পৰা ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত অসমৰ সুস্মিতা দেৱ

নিউজ ডেস্ক। বিনা প্ৰতিদ্বন্দিতাৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হল সুস্মিতা দেৱ।

পশ্চিম বংগৰ পৰা তৃণমূল কংগ্ৰেছৰ সাংসদ হ’ল তেওঁ। তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থী দিয়া নাছিল বিজেপিয়ে। স্বাভাৱিকতে বিনা বিৰোধীৰে সহজ জয় সুস্মিতা দেৱৰ।

সোমবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে প্ৰমাণ পত্ৰ গ্ৰহণ কৰাৰ পিছত বিধানসভাৰ পৰা ওলায়েই সুস্মিতাই কয়, “সংসদত বিজেপিৰ বিৰোধিতা আৰু জোৰদাৰ হ’ব। অসম, ত্ৰিপুৰা, পশ্চিম বংগ সহ সমগ্ৰ উত্তৰ পূৱ ভাৰতৰ পৰিস্থিতি তুলি ধৰা হ’ব।”

সুস্মিতা দেৱে আৰু কয়, “অসমৰ কন্যা হৈ মই পশ্চিম বংগ বিধানসভাত জয়ী হৈছো। দীৰ্ঘদিন ধৰি অসমত ৰাজনীতি কৰিছো। পশ্চিম বংগৰ পৰা সাংসদ হৈ মোৰ ভাল লাগিছে। দলে মোক যি কৰিবলৈ দিব, মই তাকে কৰিম। মোৰ লক্ষ্য অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ কথা কোৱা। কৃষক, শ্ৰমজীৱী লোকৰ কথা মই উত্থাপন কৰিম।”

ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হয়েই তেওঁ অসম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। অসমৰ শেহতীয়া গৰুখুঁটি উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে। আনহাতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ শেহতীয়া বিভিন্ন মন্তব্যৰ বাবে আদালতলৈ যোৱাৰ হুংকাৰ দিয়ে।

তেওঁ লগতে কয় যে, “সমগ্ৰ দেশত সকলোৱে জানিব পাৰিছে যে বিৰোধী শক্তি হিচাপে কংগ্ৰেছৰ বিকল্প তৃণমূল কংগ্ৰেছ। সেই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব পাৰিব মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়েই একমাত্ৰ মুখ। সেয়েহে সকলোৱে তৃণমূল প্ৰতি আকৃষ্ট হৈছে।”

উল্লেখ্য যে যোৱা জুলাই মাহত তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ হাতত ধৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল সুস্মিতা দেৱে। তেওঁক ত্ৰিপুৰাত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ দায়িত্ব দিছে দলে। আৰু বৰ্তমান তেওঁক সাংসদ নিৰ্বাচিত কৰি ৰাজ্যসভালৈ পঠাইছে তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীয়ে।

নিৰ্বাচিত হৈ বিজেপি দলক তীব্ৰ সমালোচনা কৰে সুস্মিতা দেৱে। তেওঁ কয়, “মোদী চৰকাৰে সংসদত বিৰোধীক গুৰুত্ব নিদিয়ে। সংসদৰ ৰীতি-নীতি নামানে। কোনো বিল ষ্টেণ্ডিং কমিটীলৈ নাযায়। বিতৰ্ক কৰিবলৈ দিয়া নহয়। তেওঁলোকৰ এই আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। ৰাজ্যসভাৰ আন সাংসদ সকলৰ সৈতে মিলি এই যুদ্ধ কৰিম। মই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ সদস্য হৈ বিৰোধীৰ মুখ্য ভূমিকা পালন কৰিম। যিটো বিশ্বাস কৰি মোক দলে প্ৰেৰণ কৰিছে।”

Leave a Comment