অসম

পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰ সংঘৰ্ষৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ, SP ইমদাদ আলীক বদলি…

পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰ সংঘৰ্ষৰ ন্যায়িক তদন্ত ঘোষণা অসম চৰকাৰৰ।

কাৰ্বি আংলঙৰ জিৰিকিন্দিং থানাৰ অন্তৰ্গত মক্ৰত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এজনীয়া তদন্ত আয়োগ গঠন কৰে।

তদন্ত আয়োগক গুলীচালনাৰ কাণ্ডৰ কাৰণ তথা পৰিস্থিতিৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

তদন্ত আয়োগে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।

উল্লেখ্য যে, মঙলবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত অসম-মেঘালয় সীমান্তত অসম আৰক্ষী আৰু বন বিভাগৰ এটা দলে অবৈধ কাঠ সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰিছিল।

কিন্তু পৰৱৰ্তী সময়ত ট্ৰাকখন পলাবলৈ চেষ্টা কৰাৰ সময়তে বনৰক্ষী বাহিনীয়ে ট্ৰাকখনলৈ গুলীচালনা কৰি এটা টায়াৰ পাংচাৰ কৰে। লগে লগে ট্ৰাকখনৰ চালক, হেণ্ডিমেন আৰু আন এজন ব্যক্তিক আটক কৰাৰ বিপৰীতে আন কিছুমানে পলায়ন কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী পৰ্যায়ত কাঠভৰ্তি ট্ৰাকখন আৰু আটক কৰা লোক কেইজনক এৰি দিয়াৰ দাবীত মেঘালয়ৰ শতাধিক খাচী লোকে হাতে হাতে দা, যাঠি-জোং লৈ খেদি আহে অসমৰ আৰক্ষী আৰু বন কৰ্মীৰ দলটোক। 

এই উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে আক্ৰমণকাৰী লোক কেইজনক লক্ষ্য কৰি গুলীচালনা কৰে।

এই গুলীচালনাতে পাঁচজন খাচী লোক নিহত হোৱাৰ বিপৰীতে খাচী লোকৰ আক্ৰমণত এজন বনকৰ্মীয়ে প্ৰাণ হেৰুৱায়।

ইপিনে এই ঘটনাৰ পিছতে পশ্চিম কাৰ্বি আংলঙৰ SP ইমদাদ আলীক বদলি কৰা হয়। লগতে মকৈলুম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাজল নাথক নিলম্বন কৰা হয়।

ইপিনে এই ঘটনাৰ পিছতে সংঘৰ্ষত নিহত ছয়জনৰ পৰিয়াললৈ ৫ লাভ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Back to top button