অসম

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক! চৰ্চা…

সন্মুখত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে দাৰ্জিলিঙৰ ৰাজভৱনত মিলিত হৈছে দুটা ৰাজনৈতিক দলৰ দুজন বিশেষ ব্যক্তি।

দাৰ্জিলিঙৰ ৰাজভৱনত এক গোপন বৈঠকত মিলিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

অৱশ্যে এই বৈঠকৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আনহাতে এই বৈঠকত উপস্থিত আছিল বংগৰ ৰাজ্যপাল জগদীপ ধনখাৰো।

এই বৈঠকক লৈ বিভিন্নজন বিভিন্নধৰণে উত্থাপন কৰিছে প্ৰশ্নৰ। নতুন ৰাজনৈতিক সমীকৰণ দেখিবলৈ পাব নেকি দেশবাসীয়ে?

উল্লেখ্য যে, ১৮ জুলাইত হ’ব লগা ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীপক্ষৰ পৰা মমতা বেনাৰ্জীয়ে প্ৰস্তাৱ কৰা যশোৱন্ত সিনহাক বিৰোধীৰ উমৈহতিয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ে জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মুক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।

গতিকে এই মুহূৰ্তত এই বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি চৰ্চিত হৈছে।

Related Articles

Back to top button