fbpx
অসম

পল্টনবজাৰ আৰক্ষী কাণ্ডঃ বিকি গুপ্তাক স-সন্মানে জেইলৰ পৰা মোকলাই অনাৰ নিৰ্দেশ DGPৰ…

প্ৰসংগঃ পল্টনবজাৰ আৰক্ষীৰ মাৰপিতৰ ঘটনা।

সমগ্র ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জেইললৈ প্ৰেৰণ কৰা বাইক আৰোহী বিকি গুপ্তাক স-সন্মানে ঘূৰাই অনাৰ নিৰ্দেশ প্ৰদান কৰে।

সংবাদ মাধ্যমৰ আগত ভাস্কৰজ্যোতি মহন্তই কয়, ‘জনতা আৰু আৰক্ষীৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ আৰক্ষীক দিয়া হৈছে দক্ষতা বিকাশ প্ৰশিক্ষণ। ঘটনাত জড়িত আৰক্ষী কেইজনে প্ৰশিক্ষণ লৈছিল নে নাই সেয়া চোৱা হ’ব’।

এই ঘটনাত জড়িত আৰক্ষী কেইজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে মহন্তই।

উল্লেখ্য যে, মহানগৰীৰ পল্টনবজাৰত এগৰাকী সাধাৰণ লোকক এজন ট্ৰেফিক আৰক্ষীয়ে ৰাজপথত চলোৱা আক্ৰমণ সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!