পল্টনবজাৰ আৰক্ষীৰ জালত ২৬ গৰাকী ৰোহিংগীয়া।
পল্টনবজাৰস্থিত কামৰূপা ল’জৰ পৰা আৰক্ষীয়ে সন্দেহজনক ২৬ গৰাকী ৰোহিংগীয়াক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইগৰাকীৰ ভিতৰত ১০ গৰাকী যুৱতী আৰু ১৬ গৰাকী যুৱক।
গ্ৰেপ্তাৰ হোৱা সন্দেহজনক ৰোহিংগীয়া লোক কেইগৰাকীৰ পৰা আৰক্ষীয়ে ভূৱা ভাৰতীয় ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড জব্দ কৰে।
আৰক্ষী সূত্ৰত প্ৰকাশ কৰা মতে, লোককেইগৰাকীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু দিল্লীলৈ যোৱাৰ বাবে গুৱাহাটীৰ কামৰূপা ল’জত বাহৰ পাতিছিল।