পলাশবাৰীত জয়লাভ বিজেপিৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ

May 2, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম বিধানসভাৰ নিৰ্বাচনৰ ভােটগণনা প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে কামৰূপ জিলাৰ ৫੦ নং পলাশবাৰী সমষ্টিৰ পৰা জয়লাভ কৰিছে বিজেপি দলৰ প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াই।

উল্লেখ্য হেমাংগ ঠাকুৰীয়াই নিকট প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী যতীন মালীক পৰাস্ত কৰে।

এই সমষ্টিটােত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পংকজ লােচন গােস্বামীয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

প্ৰাপ্ত তথ্য অনুসৰি, হেমাংগ ঠাকুৰীয়াই ৬৮,১৮১ টা ভােট লাভ কৰি নিজৰ জয় সাব্যস্ত কৰে।

দ্বিতীয়তে, পংকজলোচন গোস্বামীয়ে লাভ কৰে ২৮,০১১টা ভোট ।

একেদৰে কংগ্ৰেছৰ যতীন মালীয়ে লাভ কৰে ২৬,৮৭৪টা ভোট ।