পবিত্ৰ ৰমজান হৈ পৰিল ৰক্তাক্ত! আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৫০ জনৰ মৃত্যু

নিউজ ডেস্কঃ পবিত্ৰ ৰমজানৰ সময়তে ৰক্তাক্ত হৈ পৰিল আফগানিস্তান। ৰাজধানী কাবুলৰ এটা মছজিদত শুকুৰবাৰে সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৫০ জন নিৰীহ লোক নিহত হোৱাৰ লগতে প্ৰায় ৭৮ জন লোক আহত হয়।
আফগানিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ বিছমিল্লাহ হাবিবে প্ৰকাশ কৰা মতে, পশ্চিম কাবুলৰ খলিফা চাহিব মছজিদত শুক্ৰবাৰে (২৯ এপ্ৰিল) স্থানীয় সময় অনুসৰি নিশা প্ৰায় ২ বজাত এই আত্মঘাতী বিস্ফোৰণ সংঘটিত হয়।

জানিব পৰা মতে, পবিত্ৰ ৰমজানৰ পিছত ‘জিকাৰ’ নামৰ এক ধৰ্মীয় সভাৰ বাবে কাবুলৰ পশ্চিম অংশৰ চুন্নী মছজিদত বহু লোক একত্ৰিত হৈছিল।
ইফালে বিশ্লেষকসকলৰ মতে, বহুতো চুন্নী মৌলবাদীয়ে ‘জিকাৰ’ক ইছলামবিৰোধী বুলি বিবেচনা কৰে। ফলস্বৰূপে, এই আক্ৰমণৰ আঁৰত ইছলামিক ষ্টেট (খোৰাচান) সন্ত্ৰাসবাদী গোট জড়িত থকাৰ সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, তালিবান শাসিত আফগানিস্তানত বিগত কেইসপ্তাহমানৰ ভিতৰত সংঘটিত হৈছে কেইবাটাও আত্মঘাতী বিস্ফোৰণৰ ঘটনা।
এই আক্ৰমণত প্ৰায় ১০০ জন নিৰীহ আফগান নিহত হোৱাৰ লগতে শ শ লোক আহত হৈছে। অয়াৰ পূৰ্বে ২৩ এপ্ৰিলত কুন্দুজৰ এটা চুন্নী মছজিদত বোমা বিস্ফোৰণৰ ফলত কমেও ৩৩ জন লোক নিহত হৈছিল।
কাবুলৰ মছজিদত হোৱা আক্ৰমণৰ বাবে এতিয়ালৈকে কোনো ব্যক্তি বা গোটে দায়বদ্ধতা স্বীকাৰ কৰা নাই। অৱশ্যে, আফগান নিৰাপত্তা বিষয়াসকলে দাবী কৰা মতে, আন্তৰ্জাতিক সন্ত্ৰাসবাদী গোট ইছলামিক ষ্টেট (আইএছআইএছ)ৰ আফগানিস্তান শাখা ইছলামিক ষ্টেট-খোৰাচান (আইএছ-কে) এই আক্ৰমণ সংঘটিত কৰিছে।