fbpx
ৰাষ্ট্ৰীয়অসমীয়া

পদ্মভূষণ লাভৰ আনন্দৰ মাজতে দুঃখবৰ! গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ বিৰুদ্ধে এজাহাৰ দাখিল

নিউজ ডেস্ক। গণতন্ত্ৰ দিৱসৰ প্ৰাকসন্ধ্যা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণৰ বাবে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ নাম ঘোষণা কৰা হৈছে।

এই আনন্দৰ খবৰৰ মাজতে এতিয়া পিচাইৰ বাবে আহিছে আন এক দুঃখবৰ!

আদালতৰ নিৰ্দেশৰ পিছত গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই আৰু আন ৫ জনৰ বিৰুদ্ধে এমআইডিচি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

FJ-Kvdaak-AI-1uy

‘কপিৰাইট উলংঘন’ গোচৰত পৰিচালক-প্ৰযোজক সুনীল দৰ্শনৰ অভিযোগৰ ভিত্তিত এজাহাৰখন পঞ্জীয়ন কৰা হৈছে।

দৰ্শনে দাবী কৰা মতে ২০১৭ চনত তেওঁৰ দ্বাৰা পৰিচালিত ছবি “এক হাছিনা থি এক দিৱানা থা”ৰ মালিকী স্বত্ব কাকো বিক্ৰী কৰা নাছিল। তৎসত্বেও গুগলৰ মালিকানাধীন ইউটিউবত এই ছবিখন আপলোড কৰা হৈছে।

22

তেওঁ লগতে কয় যে যদিও এই ছবিখন তেওঁৰ বৌদ্ধিক সম্পত্তি আৰু ছবিখনৰ মালিকীস্বত্ব তেওঁৰ নিজৰ ওচৰত আছে, তথাপিও ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত ছবিখন আপলোড কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰি আছে।

সুনীল দৰ্শনে লগতে কয় যে তেওঁ বহু বছৰ ধৰি ইউটিউবৰ ওচৰত বিষয়টো উত্থাপন কৰিছিল কিন্তু কোনো সঁহাৰি পোৱা নাছিল। সেয়েহে অৱশেষত তেওঁ উপায়ন্তৰ হৈ আদালতৰ কাষ চাপিব লগা হয়।

সুনীল দৰ্শনৰ অভিযোগৰ পিছতে আদালতৰ নিৰ্দেশমৰ্মে কপিৰাইট উলংঘন আইন, ১৯৫৭-ৰ ধাৰা ৫১, ৬৩ আৰু ৬৯ৰ অধীনত গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ বিৰুদ্ধে এজাহাৰখন পঞ্জীয়ন কৰা হয়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!