MEGHALAYA

পদপথত শাক-পাচলি বিক্ৰী কৰা মহিলাক দুৰ্ব্যৱহাৰ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ক্ষমা প্ৰাৰ্থনা আৰক্ষীৰ

নিউজ ডেস্ক। ক’ভিড বিধিৰ অজুহাতত মেঘালয়ৰ পশ্চিম গাৰাে পাহাৰ জিলাত পদপথত শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মহিলাক দুৰ্ব্যৱহাৰ আৰক্ষীৰ।

আৰক্ষীয়ে আনকি পথত দলিয়াই দিলে মহিলাগৰাকীৰ শাক-পাচলি।

সেই দৃশ্য পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰিছিল সৰ্বত্ৰে। যাৰফলত সকলোৰে দ্বাৰা সমালোচিত হৈছিল মেঘালয় আৰক্ষী।

সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে। সেই দৃশ্য দেখি জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তক দোকানখনৰ মহিলা ব্যৱসায়ী গৰাকীক ক্ষমা খুজাৰ লগতে ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

লগতে সেই কাৰ্যৰ সৈতে জড়িত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। যাৰ বাবে শনিবাৰে আৰক্ষীৰ এক দলে মহিলা গৰাকীৰ টোৰাস্থিত ঘৰত উপস্থিত হৈ নিজৰ ভুলৰ ক্ষমা খুজাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰে।

মুখ্যমন্ত্ৰীজনে ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত কয়, “যিটো ঘটনা সংঘটিত হল, সেইয়া মুঠেই গ্ৰহণযোগ্য নহয়। দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ মই উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিওঁ।”

তেওঁ লগতে কয়, “এইয়া সকলোৰে বাবে জটিল সময়। আমি সকলোৱে বুজি পাব লাগে আৰু ৰাজ্যখনৰ সকলো নাগৰিকৰ সৈতে একেলগে কাম কৰিব লাগে।”

উল্লেখ্য যে ৱেষ্ট গাৰো পাৰ্বত্য জিলাৰ আৰক্ষী অধীক্ষক ভিএছ ৰাথুৰে ঘটনা সংঘটিত কৰা আৰক্ষী দলটোৰ হৈ মহিলা গৰাকীক ক্ষমা খোজে। আৰু দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে তেওঁ।

তেওঁ কয় যে এই লজ্জাজনক কাৰ্য মেঘালয় আৰক্ষীৰ নৈতিকতাৰ বিৰোধী। আনহাতে জিলা উপায়ুক্ত ৰাম সিঙে কয় যে, এনে পৰিস্থিতিত খাটি খোৱা লোকসকলৰ প্ৰতি আৰক্ষীয়ে চিন্তা কৰিব লাগে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button