
নিউজ ডেস্ক। মৃত্যুক স্বীকাৰ কৰি লোৱা কাৰোবাৰে সহজ নহয়। তাতে যদি সেয়া হয় অকাল মৃত্যু, তেন্তে মৃত্যুৱে আঁচুৰি লৈ যায় পৰিয়াল, আপোনজনৰ হাঁহি, আনন্দও।
এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল সুঠাম, সবল এজন যুৱকৰ।
এই মৃত্যুৱে যেন শোকস্তব্ধ কৰি তুলিছিল পৰিয়ালটোক। মৰমৰ পুত্ৰক অকালতে হেৰুৱাই ভাগি পৰিছিল মাতৃও। যাৰ বাবে পৰিয়ালটোৱে অৱশেষত গ্ৰহণ কৰে এটা আচৰিত সিদ্ধান্ত।

পৰিয়ালটোৱে যুৱকজনৰ জীৱন আকাৰৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি মৃত যুৱকজনক জীয়াই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
দৰাচলতে এই ঘটনা তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ।
জানিব পৰা মতে, ২০২੦ বৰ্ষৰ ২৮ জুনত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল জিলাখনৰ ওদ্দামছাত্ৰমৰ এছ পাণ্ডিদুৰাই নামৰ ২৪ বছৰীয়া যুৱকজনৰ।
পুত্ৰৰ এনে অকাল বিয়োগত ভাগি পৰিছিল ৪৪ বৰ্ষীয় মাতৃ পাচুমুকিঝিৰ লগতে গোটেই পৰিয়াল। দুৰ্ঘটনাৰ প্ৰায় দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো তেওঁলোকে কোনোপধ্যেই পাহিৰব পৰা নাছিল যুৱকনজনক। সময়ে মচি পেলাব পৰা নাছিল বুকুৰ ঘাঁ।
বিশেষকৈ পৰিয়ালত অনুষ্ঠিত হোৱা উৎসৱ-মাংগলিক কাৰ্যত সকলোৱে অভাৱ অনুভৱ কৰিছিল পাণ্ডিদুৰাইৰ। সাংবিদকৰ সৈতে বাৰ্তালাপ কৰি মাতৃয়ে প্ৰকাশ কৰা মতে, ভতিজা থাৰিকা আৰু মোনেশক যথেষ্ট ভাল পাইছিল পাণ্ডিদুৰাইয়ে। তেওঁলোকেও অনবৰতে কাষত বিচাৰিছিল পাণ্ডিদুৰাইক।
জীয়াই থকা সময়ত ভতিজাকৰ কাণ বিন্ধোৱা পৰ্ব ধুমধামেৰে আয়োজন কৰিব বিচাৰিছিল পাণ্ডিদুৰাইয়ে। কিন্তু এই ইচ্ছা পূৰণ হোৱাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটি লয় তেওঁ।
কিন্তু এতিয়া তেওঁৰ জীৱন আকাৰৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ পিছত সেই মূৰ্তিৰ কোলাতেই বহুৱাই থাৰিকা আৰু মোনেশৰ কাণ বিন্ধোৱা পৰ্ব সম্পন্ন কৰা হয় বুলি জানিবলৈ দিয়ে মাতৃয়ে।
লগতে চাওকঃ
‘পুষ্পা’ৰ গীতৰ তালে তালে আৰক্ষীৰ বেণ্ডৰ সংগীতৰ লহৰ, ভাইৰেল ভিডিঅ’
