পথ দুৰ্ঘটনাত প্ৰাণ গ’ল অসম আৰক্ষীৰ আন এজন জােৱানৰ

নিউজ ডেস্ক। শুকুৰবাৰে তিনিচুকীয়া জিলাত মনােৰঞ্জন গগৈ নামৰ এজন আৰক্ষী কনিষ্টবলৰ মৃত্যু পাছতে শনিবাৰে পুনৰ এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু ঘটে অসম আৰক্ষীৰ আন এজন কনিষ্টবলৰ।

এইবাৰ ঘটনাৰ স্থান কৰিমগঞ্জ। মৃত জােৱানজনৰ নাম জয়দীপ পাল।

Capturess

প্ৰয়াত জয়দীপ পাল

জানিব ৰাতাবাৰী আৰক্ষী থানাত কৰ্মৰত জয়দীপ পালৰ কৰিমগঞ্জৰ পেটেলনগৰ অঞ্চলৰ কানিশৈলৰ ওচৰত এক পথ দুৰ্ঘটনাত মৃত্যু হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জয়দীপ পাল বিভাগীয় কামত ৰাতাবাৰী পৰা স্কুটীৰে কৰিমগঞ্জলৈ গৈছিল।

কৰ্তব্য সমাপন কৰি উভতি অহাৰ পথত কানিশৈলৰ অল্ট’ বাহন (AS 10E 8781)ৰ সৈতে মুখামুখি সংঘৰ্ষ হয় স্কুটীখনৰ।

এই দুৰ্ঘটনাত বিধ্বস্ত হৈ পৰে স্কুটীখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জয়দীপ পালক প্ৰথমে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়।

তাৰ পাছত উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও তাত জােৱানজনৰ মৃত্যুবৰণ ঘটে।

কৰিমগঞ্জ আৰক্ষীয়ে টুইট কৰি জােৱানজনৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তিৰ কামনা কৰে।

263210740-421240256332485-7135152351266933870-n

প্ৰয়াত মনােৰঞ্জন গগৈ

উল্লেখ্য যে শুকুৰবাৰে চিকিৎসাধীন অৱস্থাত তিনিচুকীয়াত কৰ্মৰত আৰক্ষী কনিষ্টবল মনােৰঞ্জন গগৈৰ মৃত্যু হৈছিল।

Leave a Comment