পথৰ ওপৰত সৃষ্ট গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি প্ৰাণ ৰক্ষা এহাল দম্পতীৰ! তাৰ পিছতে গ্ৰহণ কৰিলে এই প্ৰশংসনীয় পদক্ষেপ…

নিউজ ডেস্কঃ পথৰ মাজত সৃষ্ট প্ৰকাণ্ড গাঁতত সোমাই দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা ভাগ্যক্ৰমে ৰক্ষা পৰাৰ পিছতে নিজেই সেই গাঁত পূৰ্ণ কৰাত হাতেকামে লাগি পৰিল এহাল দম্পতী।

বাংগালুৰুৰ ৰাজপথত দম্পতীহালে পথৰ ওপৰৰ গাঁত মাটিৰে পুতি থকাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জানিব পৰা মতে, বাংগালুৰুৰ মল্লেশ্বৰম অঞ্চলৰ এটা পথৰ ওপৰত সৃষ্ট প্ৰকাণ্ড গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈছে বহু বাহন চালক, পথচাৰী।

পথৰ গাঁতত পৰি বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো বাংগালুৰু মহানগৰ পালিকা অথবা চৰকাৰে সেই গাঁতসমূহ মেৰামতি কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

আনহাতে সেই গাঁততে পৰি দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰাৰ পিছতে স্থানীয় নিৱাসী নাগমণি আৰু তেওঁৰ স্বামীয়ে পথৰ গাঁতসমূহ ঠিক কৰাৰ সিদ্ধান্ত লয়।

চৰকাৰ অথবা প্ৰশাসনলৈ অপেক্ষা নকৰাকৈ দম্পতীহালে বস্তাত মাটি কঢ়িয়াই পথৰ ওপৰত সৃষ্ট গাঁতসমূহ সমান কৰে।

ইতিমধ্যে সামাজিক মাধ্যমত তেওঁলোকৰ এই কাৰ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিভিন্নজনে দম্পতীহালক প্ৰশংসাৰে উপচাই পেলাইছে।

সমান্তৰালভাৱে বাংগালুৰু মহানগৰ পালিকা আৰু চৰকাৰৰ দায়বদ্ধহীনতাক লৈও ক্ষোভ উজাৰিছে অনেকে।