
নিউজ ডেস্ক। বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিনৰ আন এক পোষ্টে সামাজিক মাধ্যমত সৃষ্টি কৰিছে খলকনিৰ।
মুছলমানৰ নামাজ আদায়ক লৈ লেখিকাগৰাকীয়ে কৰা টুইটৰ একাংশই বিৰোধিতা কৰাৰ লগতে আন একাংশই ইয়ালৈ সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হৈছে।

তছলিমাই টুইটাৰত লিখিছে, “মই মুছলমানসকলক নামাজ পঢ়াৰ অধিকাৰক সমৰ্থন কৰো। যদিও মই ভাবো নামাজ পঢ়িবলৈ আটাইতকৈ উপযুক্ত ঠাই হৈছে আপোনাৰ নিজৰ ঘৰ। কিন্তু যেতিয়া তেওঁলোকে ৰাস্তাটো অৱৰোধ কৰে আৰু সমস্যা সৃষ্টি কৰে আৰু নামাজ পঢ়ে, মই ইয়াক একেবাৰে সমৰ্থন নকৰো। গোটেই পৃথিৱীত ৰাস্তা অৱৰোধ কৰি নামাজ আদায় কৰাটো বন্ধ হোৱা প্ৰয়োজন।’’
I defend Muslims for their right to offer namaz in mosques, even though i believe the best place for prayer is home. But i do not defend them when they offer namaz on roads by blocking roads and disrupting traffic. Everywhere in the world namaz on roads should be banned.
— taslima nasreen (@taslimanasreen) April 18, 2022
উল্লেখ্য যে, মুছলমানৰ পুৰণি ৰীতি-নীতিক বিৰুদ্ধে প্ৰায়ে মাত মাতি অহা লেখিকা তছলিমা নাছৰিনে শেহতীয়ীকৈ বাংলাদেশত বোৰ্খা নিষিদ্ধ কৰাৰ দাবী জনাইছিল।
ইয়াৰোপৰি লেখিকাগৰাকীয়ে কাশ্মীৰ ফাইলছৰ দৰে বাংলাদেশৰ পৰা হিন্দুসকলক বিতাড়নৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈও আহ্বান জনাইছিল।
— taslima nasreen (@taslimanasreen) April 19, 2022
আনহাতে সমগ্ৰ দেশত মছজিদৰ লাউডস্পীকাৰক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে তছলিমা নাছৰিনে ৰাজপথত নামাজ আদায় বন্ধ কৰাৰ বাবে জনোৱা আহ্বানে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।