fbpx
অসমীয়াৰাষ্ট্ৰীয়

পথেৰে খোজকাঢ়ি আহি থকা বৃদ্ধ দম্পতীক আৰক্ষীৰ বাহনেৰে লিফ্ট দিলে এগৰাকী DSPয়ে! তাৰ পিছত ঘটিল এয়া… চাওক হৃদয়স্পৰ্শী ভিডিঅ’…

নিউজ ডেস্কঃ আৰক্ষীৰ কাম- জনতাৰ সেৱা।

কেতিয়াবা কিছুমান আৰক্ষী বিষয়া-জোৱানৰ কৰ্মকাণ্ডই আৰক্ষীৰ খাকী পোছাকযোৰক লৈ অলেখ প্ৰশ্নৰ অৱতাৰণা কৰিলেও আৰক্ষী যে সদায় জনতাৰ সেৱাৰ বাবে সেয়া প্ৰমাণ কৰি আহিছে একাংশ সৎ আৰু নিষ্ঠাবান আৰক্ষীয়ে।

তেনে এগৰাকী আৰক্ষী বিষয়াৰে এটা ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পথেৰে খোজ কাঢ়ি আহি থকা এহাল বৃদ্ধ দম্পতীক নিজৰ আৰক্ষীৰ বাহনেৰে লিফ্ট দিয়া আৰু বৃদ্ধ দম্পতীহালৰ সৈতে আৰক্ষী বিষয়াগৰাকীয়ে পাৰ কৰা অন্তৰংগ মুহূৰ্তই এতিয়া মন জয় কৰিছে নেট ব্যৱহাৰকাৰীৰ।

এই আৰক্ষী বিষয়াগৰাকীৰ নাম সন্তোষ পেটেল। তেওঁ মধ্যপ্ৰদেশৰ উপ আৰক্ষী অধীক্ষক।

দৰাচলতে হোলী আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে নিৰাপত্তা নিশ্চিত কৰিবলৈ ডিএছপি সন্তোষ পেটেলে পেট্ৰ’লিং কৰাৰ সময়তে এহাল বৃদ্ধ দম্পতীক খোজ কাঢ়ি আহি থকা দেখা পায়।

হোলী উপলক্ষ্যে যান-বাহনৰ চলাচল একেবাৰে সীমিত হোৱাত আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ গাড়ীৰেই দম্পতীহালক গন্তব্যস্থানলৈ লৈ যায়।

আনহাতে গাঁৱৰ তেনেই সহজ সৰল বৃদ্ধাগৰাকীয়ে গাড়ীৰ পৰা নমাৰ পূৰ্বে আৰক্ষী বিষয়াগৰাকীক গাড়ীৰ ভাড়া যাঁচে।

তেওঁ বাৰে বাৰে স্থানীয় ভাষাত ডিএছপিক ভাড়া ল’বলৈ অনুৰোধ কৰে।

ডিএছপি সন্তোষ কুমাৰে ফেচবুকত এই ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টোত বৃদ্ধাগৰাকীয়ে নিজৰ স্থান পোৱাৰ পিছত তেওঁক ভাড়া দি আছে।

বাৰে বাৰে জোৰ কৰি থকাত আৰক্ষী বিষয়াগৰাকীয়ে সুধিছে- দেখুৱাওক আপুনি কিমান টকা দি আছে…। উত্তৰত বৃদ্ধাগৰাকীয়ে কয় যে ২০ টকা আৰু কি। দুয়োৰে বাবে ১০-১০ টকা।

তাৰ পিছতে আৰক্ষী বিষয়াগৰাকীয়ে বৃদ্ধ দম্পতীহালক বুজায় যে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে আৰু বাটত গাড়ীৰ চলাচল কম হোৱাৰ বাবেহে তেওঁলোকক নিজৰ গাড়ীৰে লৈ আহিছিল।

ইয়াৰ পিছত ডি এছ পি সন্তোষ পেটেলে দম্পতীহালক খাবলৈ মিঠাই দিয়ে। দুয়ো আনন্দৰে ডি এছ পিৰ গাড়ীৰ পৰা নামি ঘৰলৈ ৰাওনা হয়।

এই ভিডিঅ’টো পোষ্ট কৰি আৰক্ষী বিষয়াগৰাকীয়ে এটা বাৰ্তা দিছে যে সৰু সৰু সুখৰ বাবে ডাঙৰ কাম কৰাৰ প্ৰয়োজন নাই। আমি নাৰীক সন্মান কৰা উচিত। কন্যাক শিক্ষিত কৰি আগুৱাই যোৱাৰ সুযোগ দিয়ক।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে ডিএছপিৰ এই হৃদয়স্পৰ্শী ভিডিঅ’।

Related Articles

Back to top button