fbpx
অসম

পত্নী-৬ বছৰীয়া কন্যা সন্তানক এৰি আলফা(স্বাঃ)লৈ গ’ল নেকি ঋতু গোঁহাই, পৰিয়ালত হাহাকাৰ…

নিউজ ডেস্ক। ৰাজ্যত সঘনাই আলফালৈ গমন হৈছে বহু অসমীয়া যুৱক।

তিনিচুকীয়াত পত্নী সন্তানৰ মোহ এৰি আলফা (স্বাধীন)ত যোগদানৰ সন্দেহ এজন যুৱকৰ।

প্ৰাপ্ত তথ্য অনুসৰি তিনিচুকীয়া জিলাৰ ১ নং বালুপাৰা নিবাসী ভাগ‍্যৱতী গোঁহাইৰ ডাঙৰ পুত্ৰ ঋতু গোঁহাই বহু দিন ধৰি সন্ধানহীন হৈ আছে।

photo 2022 04 13 17 46 08

পৰিয়ালৰ লোকে জনোৱা মতে বিগত ৫ এপ্ৰিলৰ নিশা প্ৰায় ৯:৩০ বজাত যুৱকজন ঘৰৰ পৰা অন্তৰ্ধ‍ান হয়।

পৰিয়ালৰ লোকে সন্দেহ কৰা মতে যুৱকজন আলফাত যোগদানৰ উদ্দেশ্যে ঘৰৰ পৰা পলায়ন কৰে। ইপিনে বিবাহিত যুৱক ঋতুৰ এগৰাকী ৬ বছৰীয়া কন্যা সন্তানো আছে।

যুৱকজনৰ আলফাত যোগদান কৰা এই ঘটনাত মাতৃ, পত্নী-কন্যা আৰু ভাতৃ সহ সমগ্ৰ পৰিয়ালটোত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে।

image 2022 04 13 16 55 11

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি আলফা স্বাধীনৰ মূখ্য সেনাধক্ষ‍্য পৰেশ বৰুৱাক ঋতুক ওভতাই পঠিয়াবলৈ অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে ৰঙালী বিহুৰ প্ৰাকক্ষণত উজনি আৰু নামনিৰ মুঠ ১৩ গৰাকীকৈ যুৱকে আলফাৰ শিবিৰত গৈ উপস্থিত হোৱা ঘটনাই সমগ্র অসমৰ সংবাদ মাধ্যম তোলপাৰ লগাই আছে।

আলফা (স্বাধীন)ৰ নেতৃত্ব বিশেষকৈ পৰেশ বৰুৱাইও আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা স্বত্বেও এইদৰে জাকে-জাকে অসমীয়া যুৱক-যুৱতী আলফালৈ গমন কৰা বিষয়টোৱে ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

লগতে চাওকঃ

৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

G1 14

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!