পত্নীয়ে ‘মৃত’ শিশুক জন্ম দিয়া বুলি কৈ সদ্যােজাত কন্যা সন্তানক ৬ হেজাৰ টকাত পুৰােহিতক বিক্ৰী নিষ্ঠুৰ পিতৃৰ…

নিউজ ডেস্ক। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হ’ল অসমত।

চৰকাৰী চিকিৎসালয়ত পত্নীয়ে ‘মৃত’ সন্তান প্ৰসৱ কৰা বুলি পৰিয়ালক অৱগত কৰি নিজৰ সদ্যােজাত কন্যা সন্তানক এগৰাকী পুৰােহিতক ৬ হেজাৰ টকাত বিক্ৰী কৰিলে পাষাণ হৃদয় পিতৃয়ে।

কিন্তু এই কথা ফাদিল হৈ পৰাৰ পিছত ৰঙাঘৰৰ আলহী হ’বলগীয়া হয় পিতৃৰ লগতে কন্যা সন্তান ক্ৰয় কৰা পুৰােহিতজনাে।

এই ঘটনাৰ স্থান গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়।

G06 1
পত্নীয়ে 'মৃত' শিশুক জন্ম দিয়া বুলি কৈ সদ্যােজাত কন্যা সন্তানক ৬ হেজাৰ টকাত পুৰােহিতক বিক্ৰী নিষ্ঠুৰ পিতৃৰ... 2

জানিব পৰা মতে, গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগনি কছাৰী গাঁও নিবাসী ভীমলাল গোড়ৰ পুত্ৰ চুৰেন গৌড় (৪৫)ৰ পত্নী লাকী গৌড়ে যোৱা ১১ আগষ্টত চিকিৎসালয়খনত এটি সুস্থ কন্যা সন্তান জন্ম দিয়ে।

ছিজাৰিয়ান পদ্ধতিৰে কন্যা সন্তান জন্ম দি অচেতন অৱস্থাত থকা পত্নীৰ অজ্ঞাতে স্বামী চুৰেন গৌড়ে কন্যা সন্তানটি মৃত অৱস্থাত জন্ম হোৱা বুলি পৰিয়ালবৰ্গক অৱগত কৰে।

ইয়াৰ পিছতে এগৰাকী মহিলাৰ সহযোগত নিজৰ সদ্যোজাত কন্যা সন্তানক লখিমপুৰ লীলাবাৰীৰ এজন পুৰােহিতক বিক্ৰী কৰি।

কিন্তু পুত্র চুৰেন গৌড়ৰ ওপৰত সন্দেহ ওপজাত পিতৃ ভীমলাল গৌড়ে ঘটনা সন্দৰ্ভত গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এই এজাহাৰৰ ভিত্তিত গহপুৰ আৰক্ষীয়ে চুৰেন গৌড় আৰু শিশু সৰবৰাহ কার্যত সহযোগিতা আগবঢ়োৱা টোপনি গোৱালা নামৰ এগৰাকী মহিলাক আটক কৰি সোধা-পোছা কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ইয়াৰ পিচতে গহপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুশীল কুমাৰ দত্ত আৰু উপ-পৰিদৰ্শক ধীৰাজ নমঃশূদ্ৰৰ নেতৃত্বত যোৱা নিশাৰে পৰা আৰম্ভ হয় এক অভিযান।

আৰক্ষীৰ অভিযানকাৰী দলটোৱে লখিমপুৰৰ লীলাবাৰীৰ পূজাৰী কৃষ্ণ প্ৰসাদ উপাধ্যায় (৪৬)ৰ ঘৰৰ পৰা নৱজাতক কন্যা সন্তানটিক সুস্থ অৱস্থাত উদ্ধাৰ কৰে।

আৰক্ষীয়ে তিনি অভিযুক্ত ক্ৰমে চুৰেন গোড়, টোপনি গোৱালা আৰু কৃষ্ণ প্রসাদ উপাধ্যায়ৰ বিৰুদ্ধে ১৩੦/২੦২২ নম্বৰত এটা গোচৰ ৰুজু কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰে।

নৱজাত সন্তানটিক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি মাতৃৰ হাতত চমজাই দিছে।

উল্লেখযোগ্য যে চুৰেন গৌড়ে টোপনি গোৱালাৰ সহযোগত নৱজাত কন্যা সন্তানটিক পূজাৰী কৃষ্ণ প্রসাদ উপাধ্যায়ক ছহেজাৰ টকাত বিক্ৰী কৰিছিল।

নৱজাত কন্যা সন্তানটিক বিক্ৰী কৰাৰ বিষয়টো সংজ্ঞাহীন হৈ থকাৰ বাবে প্রথম অৱস্থাত লাকী গোড়ে জনা নাছিল যদিও পিচত নিজ পিতৃয়েই সন্তানটিক বিক্ৰী কৰা বুলি জানিব পাৰে।

কিন্তু স্বামীৰ ভয়-ভাবুকিত এইক্ষেত্ৰত একো নকৈ মনে মনে আছিল তেওঁ।

চিকিৎসালয়ৰ প্ৰসূতি গৃহৰ পৰা নৱজাত সন্তান নি বিক্ৰী কৰিবলৈ সাহস কৰা বিষয়টোৱে কৰ্তব্যৰত চিকিৎসক আৰু নাৰ্ছৰ গাফিলতি আৰু দায়িত্বহীনতাৰ বাস্তৱ ছবি প্রতিফলিত কৰি তুলিছে।

তদুপৰি কোলাত নৱজাত সন্তান অবিহনে প্রসূতি মাতৃ লাকী গোড়ক কেনেকৈ চিকিৎসালয়খনৰ পৰা ৰিলিজ দিয়া হ’ল, সেই কথাও এতিয়া সকলোৰে মুখে মুখে চৰ্চাৰ বিষয় হৈ পৰিছে।