ৰাষ্ট্ৰীয়

পঞ্জাৱ বিধানসভা নিৰ্বাচনত পৰাস্ত অভিনেতা চনু ছুডৰ ভগ্নী মালবিকা ছুড…

১০ মাৰ্চত ঘোষণা কৰা হ’ল পঞ্জাৱসহ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।

নিৰ্বাচনত ‘আপ’ৰ সন্মুখত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় কংগ্ৰেছ দল।

পঞ্জাৱ বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হয়।

পঞ্জাৱ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হয় দুখীয়াৰ ভগৱান বুলি খ্যাত অভিনেতা চনু ছুডৰ ভগ্নী।

কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পঞ্জাৱৰ মোগাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মালবিকা ছুড আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ড০ অমনদ্বীপ কৌৰ আৰোৰাৰ হাতত পৰাস্ত হয়।

অমনদ্বীপ কৌৰ আৰোৰা মালবিকা ছুডৰ বিৰুদ্ধে ২০,০০০ ৰো অধিক ভোটৰ ব্যাৱধানত বিজয়ী হয়।

জানিব পৰা অনুসৰি ভগ্নীৰ হৈ নিৰ্বাচনৰ প্ৰচাৰত তেনে বিশেষ সক্ৰিয়তা প্ৰদৰ্শন কৰা নাছিল ছনুৱে। ফলত ভ্রাতৃৰ প্ৰভাৱৰে নিৰ্বাচনত ভোটদাতাৰ সমৰ্থন লাভৰ ক্ষেত্ৰত মালবিকা সফল হ’ব নোৱাৰিলে।

Image

তদুপৰি কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত থিয় দিয়াৰ ফলতো মালবিকাক সমষ্টিবাসীয়ে প্রত্যাখ্যান কৰা বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, চলিত নিৰ্বাচনৰ ফলাফলত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চান্নীৰ লগতে, পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোত সিং সিদ্ধুও নিৰ্বাচনত পৰাস্ত হৈছে।

Related Articles

Leave a Reply

Back to top button