
নিউজ ডেস্কঃ পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এক বিস্ফোৰণক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।
জানিব পৰা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ বজাত মোহালীৰ এছএএছ নগৰৰ ৭৭নং খণ্ডৰ পঞ্জাৱ আৰক্ষী চোৰাংচোৱাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণ।
অৱশ্যে এই বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱাৰ পৰা ৰক্ষা পৰে।

আৰক্ষীয়ে সদৰী কৰা মতে, চোৰাংচোৱাৰ কাৰ্যালয়ৰ বাহিৰত কোনো ৰকেট জাতীয় বিস্ফোৰণ সংঘটিত হৈছিল। ইয়াৰ আঁৰত কোনো সন্ত্ৰাসবাদী সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে।

মোহালীৰ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) ৰবীন্দ্ৰ পাল সিঙে জানিবলৈ দিয়া মতে, ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু বিস্ফোৰণৰ আঁৰত কোনো সন্ত্ৰাসবাদী সংগঠন জড়িত আছে নেকি সেয়া নিশ্চিত কৰি থকা হৈছে।

ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও এই বিস্ফোৰণত আশ্বৰ্য প্ৰকাশ কৰি ঘটনাৰ ত্বৰিৎ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ লগতে কয় যে, যিসকলে ৰাজ্যখনৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছে, সেই সকলক উচিত শাস্তি বিহা হ’ব আৰু কোনো কাৰণতে ৰাজ্যখনত অশান্তিৰ সৃষ্টি হ’বলৈ দিয়া নহ’ব।