পঞ্জাৱত দ্বিতীয়জন আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈক গুলীয়াই হত্যা!

পঞ্জাৱৰ পাটিয়ালাৰ পঞ্জাৱী বিশ্ববিদ্যালয়ত মঙলবাৰে নিশা সংঘটিত সংঘৰ্ষৰ পিছতে গুলীয়াই হত্যা কৰা হয় আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ ধৰমিন্দৰ সিঙক।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৪ মাৰ্চত জলন্ধৰত আন এজন আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল অম্বিয়ানক ৪ জন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল। এই ঘটনাৰ পিছতে মঙলবাৰে নিশা দ্বিতীয়জন কাবাডী খেলুৱৈক গুলীয়াই হত্যা কৰে দুৰ্বৃৃত্তই।

দৌন কলন গাঁও কাবাডী ক্লাবৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ধৰমিন্দৰ সিং ৰাজনৈতিক ভাৱেও সক্ৰিয় আছিল। ২০ ফেব্ৰুৱাৰীৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ শিৰোমণি অকালি দল ত্যাগ কৰি আম আদমী পাৰ্টিৰ হৈ প্ৰচাৰ চলাইছিল। তেওঁ গুৰলাল ঘানুৰ নামৰ আন এজন কাবাডী খেলুৱৈৰ বাবে প্ৰচাৰ চলাইছিল।

আৰক্ষীৰ সূত্ৰঅনুসৰি, মঙলবাৰে সন্ধিয়া বিশ্ববিদ্যালয়খনত দৌন কলন আৰু থেৰী গাঁৱৰ প্ৰতিদ্বন্দী গোটৰ মাজত সংঘৰ্ষ হয়। কিছু সময়ৰ পিছত, ধৰমিন্দৰে চৌহদৰ বাহিৰৰ এখন ধাবাত প্ৰতিদ্বন্দী গোটৰ সৈতে এক বৈঠকত ভাগ লৈছিল। বৈঠকত আলোচনা চলি থকাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে কাবাডী খেলুৱৈগৰাকীক।

ইফালে পাটিয়ালাৰ আৰক্ষী অধীক্ষক নানক সিঙে জানিবলৈ দিয়া মতে, ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে এই হত্যাৰ অভিযোগত ৪ জনক আটক কৰিছে। ধৰমিন্দৰ সিঙৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ব্যক্তিগত শত্ৰুতাৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

অন্যহাতে পঞ্জাৱত বৰ্ধিত অপৰাধৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ভগৱন্ত মানে মঙলবাৰে পঞ্জাৱ আৰক্ষীৰ প্ৰধান ভি কে ভাওৰাক এডিজিপি পদবীৰ বিষয়াৰ নেতৃত্বত এটা এণ্টি-গেংষ্টাৰ টাস্ক ফ’ৰ্চ (এজিটিএফ) গঠন কৰিবলৈ নিৰ্দেশ দিছে।

আৰক্ষী বিভাগৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰি মানে সংগঠিত অপৰাধক প্ৰাথমিকতাৰে নিৰ্মূল কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিষয়াসকলক প্ৰয়োজনীয় জনশক্তি, অত্যাধুনিক সঁজুলি আৰু তথ্য প্ৰযুক্তিৰ লগতে আৰক্ষী বাহিনীক পৰ্যাপ্ত পুঁজিৰ আশ্বাস প্ৰদান কৰে।

Leave a Comment